
গুৱাহাটী, ৩১ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই আজি মালিগাঁওস্থিত ইয়াৰ মুখ্য কাৰ্যালয়ত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস অতি উৎসাহেৰে উদযাপন কৰে। এই অনুষ্ঠানটো উত্তৰ-পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় পৰিসৰত উঃ পূঃ সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱৰ লগতে জ্যেষ্ঠ বিষয়াবৰ্গ আৰু কৰ্মচাৰীবৰ্গৰ উপস্থিতিত অনুষ্ঠিত হয়।
এই উপলক্ষে মহাপ্ৰৱন্ধকে ৰাষ্ট্ৰীয় একতা, অখণ্ডতা আৰু সুৰক্ষাৰ প্ৰতি থকা সমৰ্পনক শক্তিশালীকৰণৰ দিশত ৰাষ্ট্ৰীয় একতা দিৱসৰ শপতবাক্য পাঠ কৰায়। এই অনুষ্ঠানটো উত্তৰ-পূব সীমান্ত ৰেলৱে (নিৰ্মাণ) কাৰ্যালয়তো মহাপ্ৰৱন্ধক শ্ৰী অৰুণ কুমাৰ চৌধাৰীৰ উপস্থিতিত উদযাপন কৰা হয়, আনহাতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ পাঁচখন মণ্ডলেও উল্লেখনীয়ভাৱে এই দিৱস উদযাপন কৰে।
এই উদযাপনৰ অংশ হিচাপে এক “ৰান ফৰ ইউনিটি”ৰ আয়োজন কৰা হয়, য’ত বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটোৱে চৰ্দাৰ বল্লভভাই পেটেলৰ দৰ্শন আৰু আদৰ্শক প্ৰতিফলিত কৰি তুলিছে, যাৰ নেতৃত্ব আৰু প্ৰচেষ্টাই ৰাষ্ট্ৰক একত্ৰিত কৰাত আৰু ৰাষ্ট্ৰীয় সংহতিৰ চেতনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী