

নগাঁও, ৩১ অক্টোবৰ (হি.স.)। শৰৎ কালৰ ৰাত্ৰী অতি বিতুপন,ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন। হয় এতিয়া শৰৎ ৰ বতৰ। সমাগত ৰাস উৎসৱ।। মাজত মাত্ৰ কেইটামান দিন বাকী। সকলোত চলিচে ৰাস উৎসৱ উদযাপন ৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ সমান্তৰালকৈ নগাঁও কঠিয়াতলী কঠালগুৰি নামঘৰ প্ৰাংগনতো চলিছে ৰাসৰ আখৰা ৰ পূৰ্ণ প্ৰস্তুতি।
কঠালগুৰি বাৰগঞা ৰাস উদযাপন সমিতিৰ ব্যবস্থাপনা ত অহা ইং ৭আৰু ৮ নবেম্বৰত দুদিনীয়াকৈ এই স্থানত ৰাসোৎসৱ পালন কৰা হ'ব। এই উৎসৱৰ বাবে ইতিমধ্যে আখৰা কৰাত ব্যস্ত হৈ পৰিল গাঁৱখনৰ যুৱতী সকল। খোল, তালৰ তালে তালে বিভিন্ন ভংগিমাৰে প্ৰানঢ়ালী সকলোৱে নাচিলে এপাক।ৰাসৰ আখৰা চাবলৈ আহিল গাঁৱখনৰ বহু লোক। শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন কৰা এই উৎসৱ লৈ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে
হিন্দুস্থান সমাচাৰ / Narayan Kar