
দৰং, ৩১ অক্টোবৰ (হি.স.)। অসমত অভিলেখ সৃষ্টি কৰিলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে অসমীয়া ছবিয়ে। জুবিন গাৰ্গৰ বাবেও টিকট কাটিলে অনুৰাগীয়ে।
ছবি চাই কান্দি কান্দি ন্যায় বিছাৰিলে বহু জনে। প্ৰথম বাৰৰ বাবে পুৱতি নিশাৰ পৰা চিনেমা হলত চলচ্চিত্ৰ সম্প্ৰচাৰিত হোৱা এয়াই প্ৰথম আৰু অভুতপূৰ্ব নিদৰ্শন। অসমৰ আন আন হলৰ লগতে মঙ্গলদৈৰ হলসমূহতো একেই পৰিবেশ। পুৱা ৭ বজাৰ পৰা মঙ্গলদৈৰ চিনেমা হলত আহি উপস্থিত হ'ল জুবিন অনুৰাগী।
ইতিমধ্যে মঙ্গলদৈ ড্ৰিম থিয়েটাৰ ফান চিনেমা হলত ৭ দিনৰ বাবে টিকট বুকিং সম্পূৰ্ণ। উল্লেখযোগ্য যে মঙ্গলদৈৰ চিনেমা হলত এদিনত ছয় টাকৈ দৰ্শনী হ'ব ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা