শোণিতপুৰত “কৃষক পঞ্জীয়ন” ৰ পৰ্যালোচনা সভা
শোণিতপুৰ, ৩১ অক্টোবৰ (হি.স.)।: আজি শোণিতপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা উন্নয়ন আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াৰ অধক্ষ্যতাত আৰু সহকাৰী জিলা আয়ুক্ত ( কৃষি ) জিন্টু বৰাৰ উপস্থিতত “কৃষক পঞ্জীয়ন” সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । কৃষি সঞ্চা
শোণিতপুৰত “কৃষক পঞ্জীয়ন” ৰ পৰ্যালোচনা সভা


শোণিতপুৰ, ৩১ অক্টোবৰ (হি.স.)।:

আজি শোণিতপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা উন্নয়ন আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াৰ অধক্ষ্যতাত আৰু সহকাৰী জিলা আয়ুক্ত ( কৃষি ) জিন্টু বৰাৰ উপস্থিতত “কৃষক পঞ্জীয়ন” সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । কৃষি সঞ্চালকালয়, অসমৰ এগ্ৰি’ষ্টেক ৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা দ্বীপজ্যোতি দাস আৰু জ্যোতিষ্মান শৰ্মাই জিলাখনত চলি থকা কৃষক পঞ্জীয়নৰ অগ্ৰগতিৰ বিষয়ে বিষদভাৱে আলোচনা কৰাৰ লগতে নিৰ্ধাৰিত সময়ত কৃষক পঞ্জীয়ন এশ শতাংশ সম্পূৰ্ণ কৰাৰ উদ্দেশ্য ক্ষেত্র ভিত্তিত পৰিকল্পনা প্ৰস্তুত কৰা হয় ।

এই পৰ্যালোচনা সভাতে জিলাখনৰ বাবে কৃষক পঞ্জীয়নৰ নিৰ্ধাৰিত লক্ষ্য ৪২,৬০৫ ৰ বিপৰীতে সৰ্বমুঠ ২২,৭২৮ জনৰ কৃষকৰ পঞ্জীয়ন ইতিমধ্যেই সমাপ্ত হোৱা বুলি অৱগত কৰে এগ্ৰিষ্টেক ৰ জিলা নডেল বিষয়া ড০ জাকিৰ হুছেইনে । আগন্তুক দিনত নিৰ্ধাৰিত সময়ৰ ভিতৰত বাকী থকা ১৯,৮৭৭ জন কৃষকৰ পঞ্জীয়নৰ কাম শীঘ্রেই সমাপ্ত কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰা হয় । এই পৰ্যালোচনা সভাত উপস্থিত থাকে জিলা কৃষি বিষয়া নৰেন চন্দ্ৰ শৰ্মাৰ লগতে জিলাখনৰ ৰাজহ চক্ৰ বিষয়াসকল, কৃষি উন্নয়ন বিষয়াসকলো উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande