
বৰপেটা, ৩১ অক্টোবৰ (হি.স.)। কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত 'ৰাণ ফৰ ইউনিটি' দৌৰ। চৰ্দাৰ বল্লৱভাই পেটেলৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে এই সমগ্ৰ দেশৰ লগতে কলগাছিযা আৰক্ষীয়েও এই 'ৰাণ ফৰ ইউনিটি' দৌৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।
কলগাছিয়া আৰক্ষী থানাৰ পৰা উলিওৱা এই 'ৰাণ ফৰ ইউনিটি' দৌৰ অৱশেষত আৰক্ষী থানাতে আহি অন্ত পৰে। এই 'ৰাণ ফৰ ইউনিটি'দৌৰত কলগাছিয়া আৰক্ষী থানা, গাঁওৰক্ষী বাহিনী, নৱজ্যোতি মহাবিদ্যালয় এন চি চি ৰ লগতে কলগাছিয়াৰ সংবাদকৰ্মী সকলেও অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা