

মৰিগাঁও, ৩১ অক্টোবৰ (হি.স.)। লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পটেলৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশতে শুকুৰবাৰে পুৱাই অনুষ্ঠিত হয় একতাৰ দৌৰ ।
প্ৰতি বছৰে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে দেশবাসীয়ে উদযাপন কৰি আহিছে ৰাণ ফৰ ইউনিটি শীৰ্ষক কাৰ্যসূচী। এই উপলক্ষে জাগীৰোড আৰক্ষীৰ উদ্যোগত শুকুৰবাৰে প্ৰতিকুল বতৰকো নেওচি জাগীৰোডতো অনুষ্ঠিত হয় একতাৰ দৌৰ । জাগীৰোড পৰিদৰ্শন বঙলাৰ সন্মুখৰ পৰা উলিওৱা এই একতাৰ দৌৰ কাৰ্যসূচী জাগীৰোড চহৰৰ মাজমজিয়াত পৰিভ্ৰমণ কৰে । এই ৰাষ্ট্ৰীয় একতা দিৱসত জাগীৰোড সমজিলা আৰক্ষী অধীক্ষক বিজিত দাধৰা, জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভদ্ৰেশ্বৰ পেগুৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক, জাগীৰোড নাগৰিক সমিতিৰ বিষয়ববীয়া , স্থানীয় ৰাইজ আৰু ভি ডি পিৰ কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ভৱেন চন্দ্ৰ নেওগো উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / Narayan Kar