
বৰপেটা, ৩১ অক্টোবৰ (হি.স.)। বৰপেটাৰ মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি কালি নিশা ভাগতো উত্তপ্ত পৰিস্থিতি। কলেজ খনৰ নিৰ্বাচনী সমিতিয়ে সাময়িকভাৱে নিৰ্বাচন স্থগিত ৰখাত পোনৰ পৰিস্থিতি উত্তপ্ত হৈছে। এইবাৰ অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত ছাত্ৰ-ছাত্ৰীয়ে উদ্ভৱ কৰিছে এই উত্তপ্ত পৰিস্থিতিৰ ।
উত্তেজিত ছাত্ৰ-ছাত্ৰীয়ে নিশাৰ ভাগত ৰাজপথ অৱৰোধ কৰি পুনৰ কলেজ খনৰ অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ