ডিফুৰ একমাত্ৰ ছবিগৃহ 'গেলেক্সী চিনেমা'ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা 'ৰৈ ৰৈ বিনালে'ৰ উচাহ
কাৰ্বি আংলং, ৩১ অক্টোবৰ (হি.স.)। হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন তথা বহুল চৰ্চিত ছবি ৰৈ ৰৈ বিনালে আজি ৰাজ্যজুৰি শুভ মুক্তি লাভ কৰিছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফুৰ একমাত্ৰ ছবিগৃহ ''গেলেক্সী চিনেমা''তো দেখা গ''ল প
ডিফুৰ একমাত্ৰ ছবিগৃহ 'গেলেক্সী চিনেমা'ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা 'ৰৈ ৰৈ বিনালে'ৰ উচাহ


কাৰ্বি আংলং, ৩১ অক্টোবৰ (হি.স.)। হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন তথা বহুল চৰ্চিত ছবি ৰৈ ৰৈ বিনালে আজি ৰাজ্যজুৰি শুভ মুক্তি লাভ কৰিছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফুৰ একমাত্ৰ ছবিগৃহ 'গেলেক্সী চিনেমা'তো দেখা গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা 'ৰৈ ৰৈ বিনালে'ৰ উচাহ। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথমটো দৰ্শনীত মৰমৰ শিল্পীগৰাকীক এবাৰ চাবলৈ অনুৰাগীয়ে ভীৰ কৰা দেখা যায়।

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ একমাত্ৰ ডিজিটেল চিনেমা গৃহটিত জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহি ভীৰ কৰিছে। ১৯১খন আসন বিশিষ্ট ছবিগৃহটিত দিনৰ ১১ বজাৰ পৰা 'ৰৈ ৰৈ বিনালে'ৰ চাৰিটা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ছবিখন উপভোগ কৰিব অহা দৰ্শকসকলে অশ্ৰুসিক্ত নয়নৰে জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবী কৰে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande