
তিনিচুকীয়া, ৩১ অক্টোবৰ (হি.স.)। আজি চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী। ভাৰতত ২০১৪ চনৰ পৰাই ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে প্ৰতিবছৰে পালন কৰি অহা হৈছে। দেশবাসীক একত্ৰিত কৰাৰ দিশত চৰ্দাৰ বল্লভভাই পেটেলৰ অমূল্য অৱদান। আজি ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্বত আৰক্ষী বাহিনী, গাওঁৰক্ষী বাহিনীৰ বিষয়ববীয়া, কৰ্ম-কৰ্তা, ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক, সংবাদ সেৱী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকৰ যৌথ প্ৰচেষ্টাত ডিগবৈ থানাৰ পৰা চাৰিআলি বজাৰ এলেকালৈকে প্ৰায় তিনি কিলোমিটাৰ পথ পদযাত্ৰা কৰি লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।
উল্লেখ্য যে ১৮৭৫ চনৰ ৩১ অক্টোবৰত জন্মলাভ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় । চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। তেওঁ সকলো ৰাজ্যক একত্ৰিত কৰি এখন দেশত পৰিণত কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৩১ অক্টোবৰ দিনটোক ৰাষ্ট্ৰীয় একাত দিৱস হিচাপে ঘোষণা কৰিছিল আৰু 'একতাৰ বাবে দৌৰ' শীৰ্ষক মাৰাথন দৌৰৰ আয়োজন কৰিছিল ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু