
গোলাঘাট, ৩১ অক্টোবৰ (হি.স.)। দেৰগাঁওবাসী ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাৰ দিশে ।'ৰৈ ৰৈ বিনালে' ছবিখনক লৈ বৰ আগ্ৰহী দেৰগাঁওবাসী।এইসময়ত এটা ছবি গৃহৰ অভাৱ উপলব্ধি কৰিছে দেৰগাঁৱৰ ৰাইজে ।
দেৰগাঁৱৰ এসময়ৰ ছবিগৃহ, যি 'গৌৰী' নামেৰে জনাজাত ,সেই ছবিগৃহ বিগত ২৫ বছৰে বন্ধ হৈ আছে। আৰু দেৰগাঁৱৰ পুৰণি 'গৌৰী' ছবিগৃহটো বৰ্তমান জৰাজীৰ্ণ অৱস্থাত। কিন্তু এতিয়া এটা ভাল খবৰে দেৰগাঁওবাসীক উৎফুল্লিত কৰি তুলিছে। প্ৰায় তিনিমাহ মানৰ ভিতৰতে দেৰগাঁৱত সম্পূৰ্ণ হৈ উঠিব এটা ছবিগৃহ । দেৰগাঁৱৰ এজন চিকিৎসকৰ নেতৃত্বত দেৰগাঁওবাসীয়ে পাব এটা চিনেমা গৃহ। প্ৰায় ২০০ ৰো অধিক আসনৰ এটা অত্যাধুনিক ছবিগৃহ শীঘ্ৰেই লাভ কৰিব দেৰগাঁওবাসীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ