
কামৰূপ, ৩১ অক্টোবৰ (হি.স.)। সমগ্ৰ অসমত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিলালে চাবলৈ পুৱতি নিশায়ে ঘৰৰ পৰা ওলায় আহিল দৰ্শক সকল। ছয়গাওঁতো একেই দৃশ্য দেখা গল। ছবিখনৰ বাবে পলমকৈ শুই থকা বহু লোকো যে আজি ঘৰিত এলাৰ্ম দি হলেও পুৱাই সাৰ পালে। পুৱাই দেখা গল ছয়গাওঁত এক ব্যস্ততাময় পৰিৱেশ। ছয়গাঁৱত ৮:৩০ বজাত ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী চাবলৈ দৰ্শকৰ হেতা ওপৰা।
সমগ্ৰ দেশৰ লগতে ছয়গাঁৱৰ গোল্ড ডিজিটেল চিনেমা ছবিগৃহত দৰ্শকৰ ভিৰ। শুভমুক্তিৰ প্ৰথম দৰ্শনীৰ পূৰ্বে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি দৰ্শক তথা ছবিগৃহৰ কৰ্মচাৰীৰ । ইয়াৰ পিছতে ছবিগৃহৰ ভিতৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা আৰু মায়বিনি গীত পৰিবেশন দৰ্শকৰ ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা