বৰাক উপত্যকাত পুনৰ বৃদ্ধি পাইছে অবৈধ কয়লাৰ ব্যৱসায়
কাছাৰ, ৩১ অক্টোবৰ (হি.স.)। বৰাক উপত্যকাত পুনৰ বৃদ্ধি পাইছে অবৈধ কয়লাৰ ব্যৱসায়। সূত্ৰ অনুসৰি মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ পৰা প্ৰতিদিনে প্ৰায় এশখন কয়লাৰ ট্ৰাক কাছাৰত প্ৰৱেশ কৰি আছে। এই ল’ৰীবোৰৰ গন্তব্যস্থান হৈছে বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ বিভি
বৰাক উপত্যকাত পুনৰ বৃদ্ধি পাইছে অবৈধ কয়লাৰ ব্যৱসায়


কাছাৰ, ৩১ অক্টোবৰ (হি.স.)। বৰাক উপত্যকাত পুনৰ বৃদ্ধি পাইছে অবৈধ কয়লাৰ ব্যৱসায়। সূত্ৰ অনুসৰি মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ পৰা প্ৰতিদিনে প্ৰায় এশখন কয়লাৰ ট্ৰাক কাছাৰত প্ৰৱেশ কৰি আছে। এই ল’ৰীবোৰৰ গন্তব্যস্থান হৈছে বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ বিভিন্ন কাৰখানা। বুধবাৰ আৰু বৃহস্পতিবাৰ বিয়লি ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালাইন, গুমৰা আদি অঞ্চলৰ মাজেৰে বৰাকত প্ৰৱেশ কৰা অগণন অতিৰিক্ত বোজা কয়লা ভৰ্তি ট্ৰাক দেখা গ’ল।

জানিব পৰা মতে, প্ৰতিখন ট্ৰাকৰ বিনিময়ত মেঘালয়ৰ ভীষণ ছাইলাই ৮২ হাজাৰ টকা, আৰু কাছাৰৰ মান শিবিৰে ৮৫ হাজাৰ টকা দিব লাগিব। এই বৃহৎ পৰিমাণৰ ধনেৰে কয়লাৰ পৰিবহণ সুকলমে চলি আছে। এই অবৈধ ব্যৱসায়ৰ পৰা শীৰ্ষ ব্যৱসায়ী দুজনৰ প্ৰতিদিনে আয় প্ৰায় ১ কোটি ৬৭ লাখ টকা।স্থানীয় সূত্ৰই দাবী কৰিছে যে কাছাৰৰ বিভিন্ন অঞ্চলত মনেৰৰ সহযোগী আজাদ, তাহিৰ, ছাবাই, শৈলেন, জাবিৰ আদিয়ে এই গেঙৰ কাৰ্যকলাপৰ সমন্বয় সাধন কৰি আছে। যদিও কয়লা ব্যৱসায়ত আৰক্ষীৰ গোপন বুজাবুজি আৰু বৃহৎ পৰিমাণৰ ‘চালামি’ৰ অভিযোগ উত্থাপন হৈছে, তথাপিও এই বিষয়ত এতিয়ালৈকে আৰক্ষীৰ কোনো মন্তব্য হোৱা নাই।

২০১৪ চনৰ পৰা আৰম্ভ হোৱা এই অবৈধ কয়লা ব্যৱসায় বহুবাৰ বন্ধ হৈ পুনৰ আৰম্ভ হৈছে। যোৱা কেইটামান সপ্তাহত এই ক’লা বজাৰখন পুনৰ পূৰ্ণগতিত চলি আছে। কোটি টকাত চৰকাৰে ৰাজহ হেৰুৱাই থকাৰ সময়তে মনেৰ-ছৈলা বাহিনীয়ে কোনো বাধা নোহোৱাকৈ লাভৰ খেল অব্যাহত ৰাখিছে।সুপ্রিয় দত্ত,কাটিগড়া।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande