
লখিমপুৰ, ৩১ অক্টোবৰ (হি.স.): দুদিনীয়া ভ্ৰমন সূচী লৈ লখিমপুৰত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ৩০ অক্টোবৰ আজি সন্ধিয়া উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সমীপত গৌৰৱ পথ উদ্বোধন কৰাৰ লগতে ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে।৩১ অক্টোবৰ কাইলৈ পুৱা ৯ বজাত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে এচিচিএফৰ প্ৰথম বেটচৰ বিএছচি নাৰ্চিং পাঠ্যক্ৰম উন্মোচন আৰু এলএমচিএইচ কেম্পাছত ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে বিৰোধীয়ে জুবিনৰ ন্যায়ৰ তদন্তত গাফিলতি হৈছে বুলু কৰা মন্তব্য় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ এক ষ্টেপ মই বেছিকৈ কৰিছো। যিদিনাখন পুলিচে চৰ্জছীট দিব সিদিনা খন সময়ে প্ৰমাণ কৰিব আমি কিমান ছিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলো। গতিকে মই ভাৱো এটা মাহৰ অপেক্ষা,এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা কটাকটি লাভ নাই।এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব।
জনজাতিকৰণ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয় যে,মই ভাৱো সেই দিশতো আমি বহুতখিনি সমাধানৰ দিশত লৈ যাব পাৰিম, ২৫ নবেম্বৰত আমাৰ ৰিপোৰ্ট আহিব। আমি ভাৱো অসমৰ ৰাইজে প্ৰকৃত সমস্যাটো অনুভৱ কৰিব পাৰিব। কেতিয়াও ৰাইজক সঁচা কথাখিনি জনোৱা নাছিল। এইবাৰ সকলোৱে সচা কথাখিনি জানিব পাৰিব আৰু তেতিয়া আলাপ আলোচনাৰ মাজেৰে সমাধানৰ ৰাস্তাৰ ওলাব।অগপৰ চিন্তন বৈঠকৰ ওপৰত মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ প্ৰতিক্ৰিয়া।বিজেপিৰ কথা ক'লে মই উত্তৰ দিব পাৰিম অগপৰ কথা ক'লে মই উত্তৰ দিব নোৱাৰিম।অগপ এটা স্বতন্ত্ৰ ৰাজনৈতিক দল,ই বিজেপিৰ অধীনত নহয় আৰু তাৰ এটা নিজস্ব Ideology আছে, নিজস্ব আদৰ্শ আছে, নিৰ্বাচনৰ সময়ত আমি মিত্ৰতা কৰো আসন বুজাবুজি কৰো। কিন্তু সেই অগপৰ ৰাজনৈতিক দিশ কি হ'ব, কেনেকৈ আগুৱাই যাব, তেওঁলোকৰ দৃষ্টিভংগী কি হ'ব,তাত মই বিজেপিৰ মানুহ এজন হৈ বক্তব্য ৰাখিব নোৱাৰো।
নিযুক্তি সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয় যে নবেম্বৰত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু ডিচেম্বৰ নিযুক্তি দি শেষ কৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ