
শোণিতৰ, ৩১অক্টোবৰ (হি.স.)।
কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰেই জনজাতি ঘোষণা কৰা,পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কে এল অ’ ৰ স’তে শীঘ্ৰেই শান্তিচুক্তি ৰূপায়ণৰ দাবীত সদৌ অসম কোচৰাজবংশী সন্মিলনী সহ জনগোষ্ঠীটোৰ আটাইকেইটা সংগঠনে যৌথ ভাবে এক বিশাল প্ৰতিবাদী গণসমাবেশৰ আয়োজন কৰিছে৷
উল্লেখযোগ্য যে,অহা ন নৱেম্বৰত বঙাইগাঁৱত ৰাজ্যখনৰ সকলো জিলা তথা অঞ্চলৰ কোচ ৰাজবংশী ৰাইজে এই জনগোষ্ঠীটোৱে দীৰ্ঘ দিনৰ পৰা জনাই অহা দাবীসমূহ ৰূপায়ণৰ বাবে এই গণসমাবেশৰ জৰিয়তে পুনৰবাৰ দাবী জনাব৷এই সন্দৰ্ভত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি ভোলা বৰা আৰু সাধাৰণ সম্পাদক ৰাণাদিত্য বৰ্মনে প্ৰকাশ কৰা অনুসৰি, এই সমাবেশ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো সংগঠনেই প্ৰস্তুতি চলাইছে৷
উল্লেখযোগ্য যে ,সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্হা, কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিল, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী, কোচ ৰাজবংশী সংগ্ৰাম সমিতি, কোচ ৰাজবংশী কালছাৰেল ছচাইটি, প্ৰাক্তন কে এল অ’, বিটিচি কোচ ৰাজবংশী সন্মিলনী,কোচ ৰাজবংশী মহাসংঘ,কোচ ৰাজবংশী জাতীয় পৰিষদ আৰু কোচ ৰাজবংশী চেতনা মঞ্চকে ধৰি জনগোষ্ঠীটোৰ মুঠ ১১টা সংগঠনে ন নৱেম্বৰত বঙাই গাঁৱত আয়োজন কৰা এই বিশাল প্ৰতিবাদী গণ সমাবেশে কোচ ৰাজবংশী সকলৰ আন্দোলনক নতুন গতি প্ৰদান কৰিব বুলি বৰা আৰু বৰ্মনে উল্লেখ কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ