
বাক্সা, ৩১ অক্টোবৰ (হি.স.)। বাক্সাৰ শালবাৰীৰ পাকৃগুৰীত চাঞ্চল্যকৰ ঘটনা। শিক্ষকৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি স্কুলৰ পৰা গৈ স্কুলৰ পোচাকতেই নিজ ঘৰত চীপ লৈ আত্মহত্যা এগৰাকী ১৪ বছৰীয়া ছাত্ৰীৰ।
আত্মহত্যা কৰা ছাত্ৰী গৰাকী শালবাৰী চেণ্ট জেভিয়াৰ্চ স্কুলৰ নৱমমান শ্ৰেণীৰ ছাত্ৰী। ছাত্ৰী গৰাকীৰ মৃত্যুৰ পাছতেই শালবাৰী চেণ্ট জেভিয়াৰ্চ স্কুলৰ শিক্ষক তথা কেৰাণী অণ্ঠাইবাৰীৰ ধিৰচৰণ বসুমতাৰীয়ে ছাত্ৰী গৰাকীক চলোৱা মানসিক নিৰ্যাতনৰ ফলতেই ছাত্ৰী গৰাকীয়ে আত্মহত্যা কৰা বুলি অভিযোগ ছাত্ৰী গৰাকীৰ পিতৃৰ।
এই ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীৰ পিতৃয়ে শালবাৰী আৰক্ষী থানাত শিক্ষক ধিৰচৰণ বসুমতাৰীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। এজাহাৰ দাখিলৰ পাছতেই শালবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত শিক্ষক ধিৰচৰণ বসুমতাৰীক।
ইফালে ছাত্ৰী গৰাকীৰ এনে আকস্মিক মৃত্যুত সমগ্ৰ পাকৃগুৰী অঞ্চলত এক গভীৰ শোকৰ ছাঁ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা