বৰপেটাত বৰপেটা আৰক্ষী প্ৰশাসনৰ নেতৃত্বত অনুষ্ঠিত ৰাণ ফৰ ইউনিটি দৌৰ
বৰপেটা, ৩১ অক্টোবৰ (হি.স.)। লৌহ মানব চৰ্দাৰ বল্লভ ভাই পেটেলৰ আজি জন্মদিন ৷ মহান ব্যক্তিগৰাকীৰ জন্মদিনটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় একতা দিৱস হিচাবে পালন কৰা হয় ৷ বল্লভ ভাই পেটেলৰ জন্মদিৱস উপলক্ষে বৰপেটা আৰক্ষী প্ৰশাসনৰ নেতৃত্বত আজি ৰাণ ফৰ ইউনিটি ন
বৰপেটাত বৰপেটা আৰক্ষী প্ৰশাসনৰ নেতৃত্বত অনুষ্ঠিত ৰাণ ফৰ ইউনিটি দৌৰ


বৰপেটা, ৩১ অক্টোবৰ (হি.স.)। লৌহ মানব চৰ্দাৰ বল্লভ ভাই পেটেলৰ আজি জন্মদিন ৷ মহান ব্যক্তিগৰাকীৰ জন্মদিনটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় একতা দিৱস হিচাবে পালন কৰা হয় ৷

বল্লভ ভাই পেটেলৰ জন্মদিৱস উপলক্ষে বৰপেটা আৰক্ষী প্ৰশাসনৰ নেতৃত্বত আজি ৰাণ ফৰ ইউনিটি নামেৰে এক দৌৰ অনুষ্ঠিত হয় ।

এই ৰাণ ফৰ ইউনিটি কাৰ্যসূচীত বৰপেটা আৰক্ষী প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে বৰপেটাৰ বিভিন্ন দল সংগঠন আৰু সাধাৰণ লোকে অংশগ্রহণ কৰে।

একতাৰ দৌৰ কাৰ্যসূচীয়ে বৰপেটা চহৰৰ মূল পথসমূহ সামৰি লয় । বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আয়োজিত এই দৌৰত অতিৰিক্ত আৰক্ষী অধীক্ষক মামনি হাজৰিকাইও অংশ গ্ৰহণ কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande