প্ৰধানমন্ত্ৰীৰ অহা ০১ অক্টোবৰত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ
নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভাৰত মণ্ডপমত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব । পুৱা ১১ বজাত তেওঁ ভাষণ দিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবাৰ্ষিকী উ
पंतप्रधान नरेंद्र मोदी


নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভাৰত মণ্ডপমত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব । পুৱা ১১ বজাত তেওঁ ভাষণ দিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবাৰ্ষিকী উপলক্ষে এখন স্মৃতি মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ‘ভাৰতত কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু ৰাজ্যিক লোকসেৱা আয়োগৰ নীতি গঢ় দিয়া ১০০টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত’ নামৰ গ্ৰন্থখনো উন্মোচন কৰিব।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি এই অনুষ্ঠানটোৱেই হ’ব বছৰজোৰা শতবাৰ্ষিকী উদযাপনৰ শিখৰ। ১৯২৬ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগ গঠন কৰা হয়। ইয়াৰ প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত গোটেই বছৰজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। এই কাৰ্যসূচীসমূহ যোৱা বছৰৰ ০১ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল।

এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্য, ভাৰত চৰকাৰৰ উচ্চপদস্থ বিষয়া, শিক্ষাবিদ, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বিষয়া আৰু অন্যান্য সংশ্লিষ্ট লোক উপস্থিত থাকিব।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ উদ্যোগত অহা ৩০ ছেপ্টেম্বৰ আৰু ০১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰথম দিনাই ভাৰত মণ্ডপমত ‘শতবাৰ্ষিকী উদযাপন-মন্থন’ৰ আয়োজন কৰা হ’ব। বিশিষ্ট বক্তাসকলৰ ভাষণৰ পাছত বিভিন্ন বিষয়ত আলোচনা হ’ব ৷

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande