
নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সিদ্ধান্তমতে বিপণন বৰ্ষ ২০২৭-২৮ৰ বাবে ঘেহুৰ ন্যুনতম সমৰ্থন মূল্য (এমএছপি) প্ৰতি কুইণ্টলত ২৫ টকা বৃদ্ধি কৰাৰ অনুমোদন দিয়া হৈছে। ইয়াৰ সৈতে ঘেহুৰ এমএছপি ২,৬১০ টকা প্ৰতি কুইণ্টাললৈ বৃদ্ধি পাইছে। বিপণন বৰ্ষ ২০২৬-২৭ত ঘেহুৰ এমএছপি আছিল ২,৫৮৫ টকা প্ৰতি কুইণ্টাল।
কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে সংবাদমেলত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অৰ্থনৈতিক বিষয়ক মন্ত্ৰিসভা (চিচিইএ) বিপণন বৰ্ষ ২০২৭-২৮ৰ বাবে সকলো বাধ্যতামূলক ৰবি ফচলৰ এমএছপিত বৃদ্ধি অনুমোদন কৰিছে।
তেওঁ কয় যে চৰকাৰে কৃষকসকলক তেওঁলোকৰ উৎপাদনৰ ভাল মুল্য নিশ্চিত কৰিবলৈ ৰবি ফচলৰ এমএছপিত বৃদ্ধি কৰিছে। চৰকাৰৰ সিদ্ধান্ত অনুসৰি ঘেহুৰ লগতে অন্যান্য প্ৰধান ৰবি ফচলৰ সমৰ্থনমূল্যতো বৃদ্ধি কৰা হৈছে।
বৈষ্ণৱৰ মতে সুৰুযমুখীৰ এমএছপিত আটাইতকৈ বেছি ৬৭৫ টকা প্ৰতি কুইণ্টল বৃদ্ধি কৰা হৈছে। তাৰ পিছত ৰেপচীড আৰু সৰিয়হৰ এম এছ পি-ত ৪১৩ টকা প্ৰতি কুইণ্টল বৃদ্ধি পাইছে। ডাইলৰ এম এছ পি-ত ৩৯০ টকা, যৱ ধানত ১৩৬ টকা আৰু বুতত ৮৩ টকা প্ৰতি কুইণ্টাল বৃদ্ধি কৰা হৈছে। ঘেহুৰ সমৰ্থন মূল্য ২৫ টকা প্ৰতি কুইণ্টল বৃদ্ধি কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া