‘দ্য ৱান’ৰ উপাৰ্জন হ্ৰাস, ‘হনুমান অংশ’ৰ আধিপত্য় অব্য়াহত
মুম্বাই, ২৯ ছেপ্টেম্বৰ (হি.স.)। সিদ্ধাৰ্থ মালহোত্ৰা আৰু তমান্না ভাটিয়াৰ ছবি ‘দ্য ৱান: ফ’ৰ্চ অৱ দ্য ফৰেষ্ট’ই সোমবাৰে বক্স অফিচত স্তিমিত হৈ পৰে । চাকনিল্কৰ তথ্য অনুসৰি মুক্তিৰ চতুৰ্থ দিনটোত ছবিখনে ৫.২৫ কোটি ₹ উপাৰ্জন কৰে। ইয়াৰ পূৰ্বে প্ৰথম দিনাই
द वन, हनुमान अंश - फोटो सोर्स एक्स


মুম্বাই, ২৯ ছেপ্টেম্বৰ (হি.স.)। সিদ্ধাৰ্থ মালহোত্ৰা আৰু তমান্না ভাটিয়াৰ ছবি ‘দ্য ৱান: ফ’ৰ্চ অৱ দ্য ফৰেষ্ট’ই সোমবাৰে বক্স অফিচত স্তিমিত হৈ পৰে ।

চাকনিল্কৰ তথ্য অনুসৰি মুক্তিৰ চতুৰ্থ দিনটোত ছবিখনে ৫.২৫ কোটি ₹ উপাৰ্জন কৰে। ইয়াৰ পূৰ্বে প্ৰথম দিনাই ৮ কোটি, দ্বিতীয় দিনা ১১.২৫ কোটি, তৃতীয় দিনত ১৪.৩৫ কোটি টকা উপাৰ্জন কৰিছিল। ইয়াৰ ফলত ভাৰতত ছবিখনৰ মুঠ নেট সংগ্ৰহ ৩৮.৮৫ কোটি ₹ হোৱাৰ বিপৰীতে বিশ্বজুৰি ছবিখনে চাৰিদিনত ৫০.৩৫ কোটি ₹ উপাৰ্জন কৰিছে। দীপক কুমাৰ মিশ্ৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত পৌৰাণিক ভৌতিক কাহিনী।

সোমবাৰেও ননীৰ ছবি ‘দ্য পেৰাডাইজ’ৰ উপাৰ্জন হ্ৰাস পায়। ছবিখনে মুক্তিৰ পঞ্চম দিনটোত ৫ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে চতুৰ্থ দিনটোত ১৫.৭০ কোটি টকা সংগ্ৰহ কৰিছিল। ভাৰতত ছবিখনৰ মুঠ নেট সংগ্ৰহ ₹৯৭.১০ কোটি আৰু বিশ্বব্যাপী মুঠ ১৪৪.৮৫ কোটি ₹ হৈছে। উন্মোচনৰ দিনটোত শক্তিশালী উপাৰ্জন কৰা ছবিখন এতিয়া আগন্তুক দিনত লেহেমীয়া হোৱা যেন দেখা গৈছে।

ইফালে বিশাল চতুৰ্বেদীৰ পৰিচালিত হনুমান অংশ ছবিখনে বক্স অফিচত নিজৰ দখল অব্যাহত ৰাখিছে। মুক্তিৰ ৫৩ সংখ্যক দিনত ছবিখনে ২.৩৫ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ ফলত ভাৰতত ছবিখনৰ মুঠ সংগ্ৰহ ₹৩০৯.৩৮ কোটি হৈছে। এই ছবিখনে এতিয়ালৈকে বিশ্বজুৰি ₹৪০৪.২৫ কোটি টকা উপাৰ্জন কৰি বিশ্বজুৰি ₹৪০০ কোটিৰ সীমা অতিক্ৰম কৰিছে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande