
আইচি-নাগোয়া, ২৯ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় খেলুৱৈ দেৱ মীনাই মঙলবাৰে ২০২৬ এছিয়ান গেমছৰ পুৰুষৰ প’ল ভল্ট ইভেণ্টৰ ফাইনেলত নিজৰ ৰাষ্ট্ৰীয় অভিলেখ উন্নত কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। তেওঁ ৫.৫০ মিটাৰ ক্লিয়াৰ কৰি পূৰ্বৰ অভিলেখ ভংগ কৰাৰ লগতে নতুন ব্যক্তিগত শ্ৰেষ্ঠত্বও অভিলেখ গঢ়িবলৈ সক্ষম হয়।
দেৱৰ পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ আছিল ৫.৪৬ মিটাৰ, যিটো তেওঁ চলিত বৰ্ষৰ আৰম্ভণিতে আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত স্থাপন কৰিছিল। এই প্ৰদৰ্শনেৰে তেওঁ এছিয়ান গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰে।
প্ৰায় এমাহ পূৰ্বে ৰাঁচীত অনুষ্ঠিত ফেডাৰেচন কাপত দেৱ মীনা আৰু কুলদীপ কুমাৰে একে উচ্চতা ৫.৪৫ মিটাৰ ক্লিয়াৰ কৰি ৰাষ্ট্ৰীয় অভিলেখৰ সমতা স্থাপন কৰিছিল। এতিয়া ৫.৫০ মিটাৰ জঁপিয়াই এই অভিলেখটো দখল কৰিছে দেৱে।
কিন্তু ৫.৫০ মিটাৰ ক্লিয়াৰ কৰাৰ পিছত দেৱে ৫.৬০ মিটাৰ ক্লিয়াৰ কৰিব নোৱাৰিলে। তিনিওটা প্ৰচেষ্টা বিফল হোৱাৰ পিছত তেওঁৰ বাউটৰ অন্ত পৰিল।
ফাইনেলত ভাৰতৰ দ্বিতীয়গৰাকী প্ৰৱেশকাৰী আছিল কুলদীপ কুমাৰ। ৫.৩৫ মিটাৰ বেষ্ট জাম্পেৰে দশম স্থান দখল কৰে।
ইয়াৰ পূৰ্বে ২০২৬ চনৰ কমনৱেলথ গেমছত দেৱ মীনাই ৫.৩০ মিটাৰ শ্ৰেষ্ঠ জাম্পেৰে চতুৰ্থ স্থান দখল কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া