
কাঠমাণ্ডু, ২৯ ছেপ্টেম্বৰ (হি.স.)। নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱে মঙলবাৰে প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে সাক্ষাৎ কৰে।
সিংহ দৰবাৰস্থিত প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ কাৰ্যালয়ত বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী শ্বাহ আৰু ৰাষ্ট্ৰদূত শ্ৰীবাস্তৱ।
নেপালত ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱৰ কাৰ্যকাল শেষ হৈ ভাৰতলৈ উভতিবলৈ ওলাইছে। যাত্ৰাৰ পূৰ্বে তেওঁ প্ৰধানমন্ত্ৰী শ্বাহৰ সৈতে বিদায় সাক্ষাৎ কৰে।
এই উপলক্ষে প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে ৰাষ্ট্ৰদূত শ্ৰীবাস্তৱক ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি প্ৰদান কৰে।
/ অৰৱিন্দ