
কাঠমাণ্ডু, ২৯ ছেপ্টেম্বৰ (হি.স.)। নেপালত ২০২৬ চনৰ শৰৎকালীন পৰ্বতাৰোহণৰ বাবে ৬৮টা দলৰ মুঠ ৬৩৭জন পৰ্বতাৰোহীয়ে ১৮টা ভিন্ন পৰ্বত আৰোহণৰ অনুমতি লাভ কৰিছে।
পৰ্যটন বিভাগৰ তথ্য অনুসৰি অনুমতি লাভ কৰা পৰ্বতাৰোহীসকলৰ ভিতৰত আছে ৪৭৪ জন পুৰুষ আৰু ১৬৩ গৰাকী মহিলা। বিভাগটোৱে পৰ্বতাৰোহীসকলৰ পৰা ২৩৮.৫ মিলিয়ন নেপালী টকা ৰয়েল্টি সংগ্ৰহ কৰিছে।
পৰ্যটন বিভাগৰ তথ্য বিষয়া সুৰজ ঘিমিৰেৰ মতে, সৰ্বাধিক ৫০০ পৰ্বতাৰোহীৰ সৈতে ৪৩টা দলে মাউণ্ট মানছলু আৰোহণৰ অনুমতি লাভ কৰিছে। মানসলুৰ পৰ্বতাৰোহীসকলৰ পৰা বিভাগটোৱে ২২.৫৮ মিলিয়ন নেপালী টকা ৰয়েল্টি লাভ কৰিছে। একেদৰে ৩৪জন পৰ্বতাৰোহীক ধৌলাগিৰি-১, ২০জনক পুঠা হিমচুলিলৈ, ১৬জনক ডাংগা হিমচুলিলৈ, ১০জন বৰুণষ্টেলৈ আৰোহণৰ অনুমতি প্ৰদান কৰা হৈছে।
পৰ্যটন বিভাগে মকালু, গংগাপূৰ্ণা পশ্চিম, থোৰং শৃংগ, অন্নপূৰ্ণা-৪, পুমোৰী, আৰু থাপা শৃংগ (ধমপুছ)কে ধৰি আন আন পৰ্বততো আৰোহণৰ অনুমতি প্ৰদান কৰিছে। শৰৎক নেপালৰ অন্যতম প্ৰধান পৰ্বতাৰোহণৰ বতৰ বুলি গণ্য কৰা হয় আৰু এই সময়ছোৱাত বিভিন্ন দেশৰ পৰা বৃহৎ সংখ্যক পৰ্বতাৰোহী হিমালয়ৰ শৃংগলৈ অভিযান চলাবলৈ উপস্থিত হয়।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ