
কাঠমাণ্ডু, ২৪ ছেপ্টেম্বৰ (হি.স.)। নেপালগঞ্জৰ পৰা ডলপা অভিমুখী সীতা এয়াৰৰ বিমান এখন দোলপা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত পিছভাগৰ চকা ওলায় যায়। অৱশ্যে এটা বৃহৎ দুৰ্ঘটনা ৰোধ কৰা হয়।
জিলা আৰক্ষী কাৰ্যালয় দোলপাৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা দোলপাৰ জুফল বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত বিমানখনৰ পিছৰ চকাটো ওলাই যায় । দোলপা জিলা আৰক্ষী কাৰ্যালয়ৰ মুখ্য আৰক্ষী অধীক্ষক অনিল ৰাজ গিৰীয়ে জনোৱা মতে, সীতা এয়াৰৰ ৯এন-এজেএইচ বিমান পুৱা প্ৰায় ৮:২৫ বজাত জুফল বিমানবন্দৰত অৱতৰণ কৰি থকাৰ সময়তে ইয়াৰ পিছৰ চকা (টেইল হুইল) খুলি যায়। গিৰীৰ মতে, চকাটো ওলাই যোৱাৰ পিছতো বিমানখনে সংকীৰ্ণভাৱে দুৰ্ঘটনাৰ পৰা হাত সাৰিলে, এক বৃহৎ দুৰ্ঘটনা ৰোধ কৰা হ’ল।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ