বেলুচিস্তান ১০ দিনৰ ভিতৰত বিএলএৰ সৈতে হোৱা সংঘৰ্ষত ১৮ জন জোৱান নিহত; ২৩ অক্টোবৰলৈকে সমগ্ৰ প্ৰদেশখনতে জাৰি সান্ধ্য আইন
কুৱেটা (বেলুচিস্তান), পাকিস্তান, ২৪ ছেপ্টেম্বৰ (হি.স.)। দেশৰ অশান্ত বেলুচিস্তান প্ৰদেশত দহ দিনৰ ভিতৰত (১৪ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ) বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ সৈতে হোৱা সংঘৰ্ষত সেনাবাহিনীৰ যথেষ্ট লোকচান হৈছে। এই যুদ্ধত বিএলএৰ যোদ্ধাই ১৮ জন জোৱান নিহ
7d4ca3e6f856952240340999c5aeaec8_229761957.jpg


কুৱেটা (বেলুচিস্তান), পাকিস্তান, ২৪ ছেপ্টেম্বৰ (হি.স.)। দেশৰ অশান্ত বেলুচিস্তান প্ৰদেশত দহ দিনৰ ভিতৰত (১৪ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ) বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ সৈতে হোৱা সংঘৰ্ষত সেনাবাহিনীৰ যথেষ্ট লোকচান হৈছে। এই যুদ্ধত বিএলএৰ যোদ্ধাই ১৮ জন জোৱান নিহত কৰে। ইফালে, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈকে সমগ্ৰ প্ৰদেশখনতে সান্ধ্য আইন (ধাৰা ১৪৪) জাৰি কৰা হৈছে।

দ্য বেলুচিস্তান পোষ্টৰ মতে, বেলুচিস্তানৰ অতিৰিক্ত মুখ্য সচিব হামজা শ্বাফকাটে ২৩ ছেপ্টেম্বৰত এক অধিসূচনা জাৰি কৰি অহা এমাহৰ বাবে সান্ধ্য আইন জাৰি কৰিছিল। ইয়াত উল্লেখ কৰা হৈছে যে এই সময়ছোৱাত ৰাজহুৱা স্থান, সমাৱেশ, ধৰ্ণা, ৰেলী, বিক্ষোভ আদিত অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিয়া নিষিদ্ধ কৰা হ’ব। পাঁচজনতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ হ’ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। মুখ আৱৰণ, মাস্ক, বা পৰিচয় লুকুৱাই ৰখাৰ আন কোনো উপায় ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বিএলএৰ মুখপাত্ৰ জৈন্দ বালোচে উল্লেখ কৰে যে বেলুচৰ বিৰুদ্ধে নিপীড়নকাৰী শাসন ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়া সংগঠনটোৰ শ্বহীদসকলৰ তেজ নষ্ট হ’বলৈ দিয়া নহ’ব। এক বিবৃতিত তেওঁ কয় যে ৭ দিনত তেওঁৰ যোদ্ধাসকলে ২৫টা স্থানত সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ১৮ জন পাকিস্তানী জোৱান নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। মাণ্ড আৰু খুজদাৰৰ থানা দখল কৰে বিএলএই। এই অঞ্চলসমূহৰ সামৰিক ঘাটিসমূহ উৰুৱাই দিয়া হয়।

মুখপাত্ৰগৰাকীৰ মতে, ১৪ ছেপ্টেম্বৰত পাঞ্জগুৰিৰ গ্ৱাৰ্গো অঞ্চলত সেনা সমৰ্থক ডেথ স্কোয়াডৰ সদস্যক লক্ষ্য কৰি লোৱা হৈছিল। ১৫ ছেপ্টেম্বৰত গ্ৱাৰ্গো আৰু ফাতেহ আলীৰ মাজত সেনাৰ চোৰাংচোৱা কেমেৰাৰ বাবে এটা যোগাযোগ টাৱাৰ উৰুৱাই দিয়া হৈছিল। ১৬ ছেপ্টেম্বৰত কুলৱাহৰ বদৰঙত সেনাবাহিনীৰ বাহনত আক্ৰমণ চলাই চাৰিজন জোৱান নিহত হৈছিল। তুৰবাটৰ কালাটাক অঞ্চলৰ মেনো ক্ৰছত দুজন জোৱান নিহত হোৱাৰ লগতে কমেও চাৰিজন আহত হয়। একেদৰে খৰাণত সংঘৰ্ষৰ সময়ত এজন সেনা বিষয়া নিহত হয়।

তেওঁ কয় যে ১৭ ছেপ্টেম্বৰত খুজদাৰৰ সোণাৰো অঞ্চলত এখন সেনাবাহিনীৰ বাহন ক্ষতিগ্ৰস্ত হৈছিল। একে তাৰিখে খৰাণত উগ্ৰপন্থীয়ে মল্ল বখছ মাণ্ডাইৰ পুত্ৰ মেহবুবক বন্দী কৰে। তেওঁ আছিল পাকিস্তানী সেনা আৰু ডেথ স্কোয়াডৰ এক আহিলা। দেশদ্ৰোহৰ গুৰুতৰ অপৰাধত বেলুচ ৰাষ্ট্ৰীয় আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। লগতে ১৭ ছেপ্টেম্বৰত পাঞ্জগুৰিৰ গ্ৱাৰ্গো অঞ্চলত উগ্ৰপন্থীয়ে সেনাৰ এখন বাহনত আক্ৰমণ চলায়। এই আক্ৰমণত থিতাতে নিহত হয় চাৰিজন জোৱান। সেনাবাহিনীৰ এখন কোৱাডকপ্টাৰো গুলীয়াই হত্যা কৰা হয়।

মুখপাত্ৰগৰাকীয়ে কয় যে এই সংঘৰ্ষত ছফিক ওৰফে জাগেৰিন, সকাম ওৰফে মিৰাণ, হাবিব ওৰফে খালিদ, ছফিউল্লাহ ওৰফে আমিৰ নামৰ চাৰিজন বিএলএ কমাণ্ডাৰ শ্বহীদ হয়। বালোচে কয় যে ১৮ ছেপ্টেম্বৰত যোদ্ধাসকলে মাণ্ডৰ বেলুচাবাদ আৰু বালু অঞ্চল দখল কৰিছিল। ১৯ ছেপ্টেম্বৰত মাষ্টুঙৰ শ্বেৰনাপ অঞ্চলৰ নাগমান পোষ্টটো সেনাৰ পৰা মুক্ত কৰা হয়। এই আক্ৰমণত কেইবাজনো জোৱান নিহত হয়।

তেওঁ কয় যে ২০ ছেপ্টেম্বৰত নুস্কি চহৰৰ শ্বহীদ বালাচ খান ষ্টেডিয়ামৰ সমীপৰ বাইপাছ পথ দখল কৰি থকা পাকিস্তানী বাহিনীক বিদ্ৰোহীয়ে খেদি পঠিয়াইছিল। ২১ ছেপ্টেম্বৰত মাণ্ডৰ ৰাইডিং অঞ্চলত যোদ্ধাসকলে সেনা শিবিৰ ধ্বংস কৰিছিল। ২২ ছেপ্টেম্বৰত কুৱেটাৰ কাষৰীয়া মৰুভূমিৰ টেৰা মাইল অঞ্চলত আই ই ডি বিস্ফোৰণত এজন সেনা বিষয়া নিহত হয়। ২৩ ছেপ্টেম্বৰত বিএলএৰ অধিনায়কসকলে কেচৰ হিৰংক অঞ্চল সেনাৰ পৰা মুক্ত কৰে। ইয়াৰ পূৰ্বে ৬ ছেপ্টেম্বৰত মস্তুঙৰ খাৰকোচা অঞ্চলত পাকিস্তানী সেনাৰ সৈতে হোৱা সংঘৰ্ষত বিএলএৰ দুজন কমাণ্ডাৰ ইৰফান মেংগল ওৰফে খলিল আৰু ৰফিউল্লাহ গুৰগানাদী ওৰফে তনবীৰ শ্বহীদ হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande