

নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বুধবাৰে কয় যে ভাৰতত উৎপাদন কাৰখানা স্থাপন কৰা উচ্চ প্ৰযুক্তিৰ কোম্পানীসমূহক সঁজুলি আৰু কম্পোনেণ্টৰ বাবে বাধ্যতামূলক ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ) প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিয়াৰ বাবে চৰকাৰে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে।
ভাৰতীয় অটোমোটিভ কম্পোনেণ্ট মেনুফেকচাৰ্ছ এছ’চিয়েশ্যনৰ ৬৬ সংখ্যক বাৰ্ষিক অধিৱেশনত ভাষণ দি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। গোৱালে কয় যে শেহতীয়াকৈ জাপান ভ্ৰমণৰ সময়ত অৰ্ধপৰিবাহী কোম্পানীসমূহে বিআইএছ প্ৰমাণপত্ৰ লাভ কৰাত অসুবিধাৰ বিষয়টো উত্থাপন কৰিছিল।
অটো কম্পোনেণ্ট নিৰ্মাতা সংস্থা এচিএমএক সম্বোধন কৰি তেওঁ কয় যে এটা অৰ্ধপৰিবাহী কোম্পানীয়ে এটা চিপ নিৰ্মাণ কৰিবলৈ প্ৰায় ১৩,৫০১টা কম্পোনেণ্টৰ প্ৰয়োজন হয়। গোৱালে কয় যে জাপানী কোম্পানীসমূহে ইমান বৃহৎ সংখ্যক উপাদানৰ বাবে বিআইএছৰ অনুমোদন লাভ কৰাটো এক উল্লেখযোগ্য প্ৰত্যাহ্বান বুলি উল্লেখ কৰিছে।
গোৱেলে কয়, যদি কোনো কোম্পানীয়ে উচ্চমানৰ অৰ্ধপৰিবাহী নিৰ্মাণ কৰি আছে তেন্তে ক্ৰয় কৰা সামগ্ৰীৰ মানদণ্ডৰ প্ৰতিও চিন্তিত হ'ব। সেয়েহে কেন্দ্ৰীয় চৰকাৰে এনে এক নতুন নিয়ম প্ৰৱৰ্তন কৰিছে যিয়ে এনে উচ্চ প্ৰযুক্তিৰ খণ্ডৰ কোম্পানীসমূহক বিআইএছৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিব। তেওঁ উল্লেখ কৰে যে এই কোম্পানীসমূহক বিশ্বৰ যিকোনো ঠাইৰ পৰাই প্ৰয়োজনীয় সঁজুলি আৰু উপাদানসমূহ ক্ৰয় কৰিবলৈ অনুমতি দিয়া হ’ব।
বাণিজ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতত উৎপাদন কাৰ্য্যকলাপ আৰম্ভ কৰা উচ্চ প্ৰযুক্তিৰ কোম্পানীসমূহৰ বাবে সঁজুলি, সামগ্ৰী, আৰু সেৱাসমূহৰ সময়মতে উপলব্ধতা নিশ্চিত কৰা আৰু ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক সমৰ্থন কৰা চৰকাৰৰ উদ্দেশ্য।
গোৱালে এক্সত এটা পোষ্টত লিখিছে যে ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰ আৰু এইচ এম টি চি দক্ষিণ এছিয়াৰ হৰজিন্দৰ কাং (যি দক্ষিণ এছিয়াৰ এইচ এম ট্ৰেড কমিছনাৰ আৰু পশ্চিম ভাৰতৰ ব্ৰিটিছ উপ উচ্চায়ুক্তও)ৰ সৈতে অটো কম্পোনেণ্ট নিৰ্মাতা সংস্থা এচিএমএৰ ৬৬ সংখ্যক বাৰ্ষিক অধিবেশনত ভাষণ দিয়াটো এক আনন্দৰ কথা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া