নাইডুৰ ব্যৱসায় কৰাত সহজতাৰ বাবে এন অ’ চি প্ৰক্ৰিয়া সৰল কৰাৰ ওপৰত গুৰুত্ব আৰোপ
নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জৰাপু ৰামামোহন নাইডুৱে ব্যৱসায় কৰাত সহজতাৰ বাবে আপত্তিহীন প্ৰমাণপত্ৰ (এন অ’ চি) প্ৰদানৰ প্ৰক্ৰিয়া সৰল কৰাৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। ১৫ দিনৰ ভিতৰত সময়মতে ব্যৱস্থা
नागर विमानन मंत्रालय में बैठक करते मंत्री किंजरापु राममोहन नायडू


নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জৰাপু ৰামামোহন নাইডুৱে ব্যৱসায় কৰাত সহজতাৰ বাবে আপত্তিহীন প্ৰমাণপত্ৰ (এন অ’ চি) প্ৰদানৰ প্ৰক্ৰিয়া সৰল কৰাৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। ১৫ দিনৰ ভিতৰত সময়মতে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বুধবাৰে এক বিবৃতিত প্ৰকাশ কৰে যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জৰাপু ৰামামোহন নাইডুৱে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ উচ্চপদস্থ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত নাইডুৱে সংশ্লিষ্ট বিষয়াসকলক ওপৰৰ ব্যৱস্থাসমূহকে ধৰি এন অ’ চি প্ৰক্ৰিয়াটো সৰল, স্বয়ংক্ৰিয় আৰু বিকেন্দ্ৰীকৰণৰ উপায় পৰীক্ষা কৰি কাম কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ১৫ দিনৰ ভিতৰত ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকত অসামৰিক বিমান পৰিবহণ খণ্ডত ব্যৱসায় কৰাত সহজতা বৃদ্ধিৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হয়, আপত্তিহীন প্ৰমাণপত্ৰ (এন অ’ চি) প্ৰদানৰ প্ৰক্ৰিয়া সৰল আৰু সুশৃংখলিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বৈঠকৰ সময়ত নাইডুৱে নূন্যতম মানৱ হস্তক্ষেপৰ সৈতে, সময়মতে এন অ’ চি পদ্ধতিসমূহ সৰল, সুশৃংখলিত, স্বয়ংক্ৰিয় আৰু নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰস্তাৱিত সংস্কাৰৰ লক্ষ্য হৈছে সাধাৰণ জনতা, সমাজ, নিৰ্মাতা, আৰু উদ্যোগৰ সদস্যসকলক সুবিধা প্ৰদান কৰা, একে সময়তে বিমান সুৰক্ষাৰ সৈতে জড়িত নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তাসমূহ সঠিকভাৱে পালন কৰাটো নিশ্চিত কৰা।

মন্ত্ৰালয়ৰ মতে, নাইডুৱে আবেদনকাৰীসকলক প্ৰাৰম্ভিক পৰ্যায়ত সঠিক/নিৰ্ধাৰিত অট্টালিকাৰ উচ্চতা প্ৰদান কৰাৰ সম্ভাৱনীয়তাৰ বিষয়েও আলোচনা কৰে, বিশেষকৈ দিল্লী, মুম্বাই, আৰু হায়দৰাবাদৰ দৰে ডাঙৰ মহানগৰত। এনে পদ্ধতিয়ে আবেদনকাৰী আৰু অন্যান্য অংশীদাৰসকলক জ্ঞাত সিদ্ধান্ত লোৱাত আৰু আৰম্ভণিৰে পৰাই প্ৰযোজ্য উচ্চতাৰ নিষেধাজ্ঞা অনুসৰি তেওঁলোকৰ অট্টালিকা নিৰ্মাণৰ পৰিকল্পনা কৰাত সহায় কৰিব।

নাইডুৱে জোৰ দি কয় যে এই সংস্কাৰসমূহৰ সামগ্ৰিক উদ্দেশ্য হৈছে প্ৰস্তাৱসমূহৰ শীঘ্ৰে আৰু সময়োপযোগী অনুমোদন নিশ্চিত কৰা, প্ৰাসংগিক তথ্য আৰু সঠিক উচ্চতাৰ তথ্যসমূহ ৱেবছাইটৰ জৰিয়তেকে ধৰি স্বচ্ছ পদ্ধতিৰে জনসাধাৰণৰ বাবে উপলব্ধ কৰা আৰু বিমান পৰিবহণৰ সুৰক্ষাৰ প্ৰতি কোনো আপোচ নকৰাটো নিশ্চিত কৰা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande