
অভিনেতা অমিত সাধ আৰু অভিনেত্ৰী ইশা দেওলক অচিৰেই প্ৰথমবাৰৰ বাবে ‘প্ৰতাপ’ ছবিত একেলগে ডাঙৰ পৰ্দাত দেখা যাব। মুক্তিৰ তাৰিখৰ লগতে মুক্তি পাইছে ছাচপেন্স-থ্ৰিলাৰখনৰ প্ৰথমখন অফিচিয়েল পোষ্টাৰ। শচীন ছাৰাফৰ লেখা আৰু পৰিচালিত এই ছবিখন প্ৰদীপ ৰংৱানী আৰু ইউভি ফিল্মছৰ যৌথ প্ৰযোজনা। অভিজ্ঞ এনকাউণ্টাৰ স্পেচিয়েলিষ্টৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব অমিত সাধক।
ছবিখনৰ পোষ্টাৰত অমিত সাধক অতি ছিৰিয়াছ আৰু শক্তিশালী ৰূপত দেখা গৈছে। হাতত বন্দুক লৈ নিক্ষেপ কৰা দেখা গৈছে। তুলনামূলকভাৱে এছা দেওলৰ লুকটো যথেষ্ট শান্ত কৰি ৰখা হৈছে। তিগমাংশু ঢুলীয়া, মিলিন্দ গুণজী, আৰু সীমা বিশ্বাসকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ছবিখনত।
‘প্ৰতাপ’ৰ কাহিনীটো এটা অভিজ্ঞ এনকাউণ্টাৰ স্পেচিয়েলিষ্টক কেন্দ্ৰ কৰিয়েই আবদ্ধ হৈ আছে যিয়ে এটা কাণ্ডৰ পিছত জেললৈ যাবলৈ বাধ্য হয়। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ নিজৰ অতীতৰ বহু চাঞ্চল্যকৰ গোপনীয়তা উন্মোচন কৰে। ৰহস্য, উত্তেজনা আৰু অভাৱনীয় পৰিঘটনাৰ মাজতে কাহিনীটো উন্মোচিত হৈছে। প্ৰযোজকসকলৰ মতে ছবিখন হ’ব এখন ছাচপেন্স-থ্ৰিলাৰ যিয়ে শেষলৈকে দৰ্শকক আকৰ্ষিত কৰি ৰাখিব। ২০২৬ চনৰ ২০ নৱেম্বৰত ছবিগৃহত মুক্তি পাব প্ৰতাপ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া