
নতুন দিল্লী, ৩১ আগষ্ট (হি.স.)। ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে ইন্দিৰা গান্ধী ষ্টেডিয়ামত বাছনি পৰীক্ষা অনুষ্ঠিত কৰি আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ২৩ বছৰ অনুৰ্ধৰ বিশ্ব মল্লযুঁজৰ বাবে ভাৰতীয় মহিলা দলটোক চূড়ান্ত কৰিছে। এদিনীয়া ট্ৰাইলত ১০টা ওজন শাখাৰ আটাইকেইটাতে মল্লযুঁজাৰুসকলে অংশগ্ৰহণ কৰে।
হাৰিয়ানা, মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশকে ধৰি প্ৰধান মল্লযুঁজ ৰাজ্যৰ মল্লযুঁজাৰুসকলে ভাৰতীয় দলত স্থান লাভৰ বাবে তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। নিজ নিজ ওজন শাখাত প্ৰথম স্থান লাভ কৰা মল্লযুঁজাৰুসকলে ভাৰতক প্ৰতিনিধিত্ব কৰিব, আনহাতে দ্বিতীয় স্থান লাভ কৰা মল্লযুঁজাৰুসকলক ৰাষ্ট্ৰীয় শিবিৰত অন্তৰ্ভুক্ত কৰা হ’ব, য’ত তেওঁলোকে প্ৰশিক্ষণৰ সহায় আগবঢ়াব আৰু দলৰ প্ৰস্তুতি শক্তিশালী কৰিব।
ডব্লিউ এফ আইৰ সভাপতি সঞ্জয় সিঙে ট্ৰাইলত প্ৰদৰ্শিত প্ৰদৰ্শনৰ প্ৰশংসা কৰি কয় যে ভাৰতীয় মহিলা মল্লযুঁজত প্ৰতিভা আৰু গভীৰতাৰ অভাৱ নাই। চিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ আৰু ২৩ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপত নিৰ্বাচিত মল্লযুঁজাৰুসকলে দেশৰ হৈ ভাল প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰে।
ট্ৰাইলত আধিপত্য বিস্তাৰ কৰিছিল হাৰিয়ানাই। হাৰিয়ানাৰ কেইবাগৰাকীও মল্লযুঁজাৰুৱে নিজ নিজ ওজন শাখাত শীৰ্ষ স্থান দখল কৰে। মহাৰাষ্ট্ৰৰ মল্লযুঁজাৰুসকলেও কেইবাটাও ওজন শাখাত শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়।
১০ টা ওজন শাখাত নিৰ্বাচিত মল্লযুঁজাৰু
৫০ কেজিঃ পাৰবীন (হাৰিয়ানা) - প্ৰথম, প্ৰিয়ংশী (মধ্য প্ৰদেশ) - দ্বিতীয়
৫৩ কেজিঃ মিঠাই (হাৰিয়ানা) - প্ৰথম, ডলী (উত্তৰ প্ৰদেশ) - দ্বিতীয়
৫৫ কেজিঃ অহিল্যা শিণ্ডে (মহাৰাষ্ট্ৰ) - প্ৰথম, কাজল (হাৰিয়ানা) - দ্বিতীয়
৫৭ কেজি : নেহা শৰ্মা (দিল্লী) - প্ৰথম, ছিমৰন (হাৰিয়ানা) - দ্বিতীয়
৫৯ কেজি : কোমল (হাৰিয়ানা) - প্ৰথম, অঞ্জলি (হাৰিয়ানা) - দ্বিতীয়
৬২ কেজি : নেহা (হাৰিয়ানা) - প্ৰথম, নীতিকা (দিল্লী) - দ্বিতীয়
৬৫ কেজি : বৈষ্ণৱী পাটিল (মহাৰাষ্ট্ৰ) - প্ৰথম, অঞ্জলি (হাৰিয়ানা) - দ্বিতীয়
৬৮ কেজিঃ মানসী ফেন (মহাৰাষ্ট্ৰ) - প্ৰথম, সৃষ্টি (দিল্লী) - দ্বিতীয়
৭২ কেজি: অমৃতা পূজাৰী (মহাৰাষ্ট্ৰ) - প্ৰথম, তনু শৰ্মা (হাৰিয়ানা) - দ্বিতীয়
৭৬ কেজি : দীক্ষা মালিক (হাৰিয়ানা) - প্ৰথম, মনীষা ভানৱালা (হাৰিয়ানা) - দ্বিতীয়
বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ভাৰতীয় মল্লযুঁজাৰুসকলে ৰাষ্ট্ৰীয় শিবিৰত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত দলটোৱে আমেৰিকালৈ যাত্ৰা কৰিব, য’ত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলে ২৩ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপত বিশ্বৰ শীৰ্ষ যুৱ মল্লযুঁজাৰুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া