দুলীপ ট্ৰফীঃ বৈভৱ সূৰ্যবংশী ৯২ ৰানত আউট, ভংগ কৰিবলৈ নোৱাৰিলে টেণ্ডুলকাৰৰ অভিলেখ
নতুন দিল্লী, ৩১ আগষ্ট (হি.স.)। দুলীপ ট্ৰফীৰ ছেমি ফাইনেলত ইতিহাস ৰচনা কৰিব নোৱাৰিলে যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে। ইষ্ট জ’নৰ হৈ চেণ্ট্ৰেল জ’নৰ বিৰুদ্ধে খেলি থকা সূৰ্যবংশীয়ে ৮১টা বলত ৯২ ৰান কৰি আউট হৈছিল, প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত শতক অৰ্জন কৰা দ্বিতীয়
वैभव सूर्यवंशी


নতুন দিল্লী, ৩১ আগষ্ট (হি.স.)। দুলীপ ট্ৰফীৰ ছেমি ফাইনেলত ইতিহাস ৰচনা কৰিব নোৱাৰিলে যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে। ইষ্ট জ’নৰ হৈ চেণ্ট্ৰেল জ’নৰ বিৰুদ্ধে খেলি থকা সূৰ্যবংশীয়ে ৮১টা বলত ৯২ ৰান কৰি আউট হৈছিল, প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত শতক অৰ্জন কৰা দ্বিতীয় সৰ্বনিম্ন ভাৰতীয় বেটছমেন হোৱাৰ পৰা মাত্ৰ ৮ ৰান কম।

১৫ বছৰ ১৫৭ দিন বয়সত সূৰ্যবংশীয়ে শচীন তেণ্ডুলকাৰৰ অভিলেখ অতিক্ৰম কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিছিল। ১৯৮৮ চনৰ ৰঞ্জী ট্ৰফী মেচত তেণ্ডুলকাৰে ১৫ বছৰ ২৩০ দিন বয়সত প্ৰথম শ্ৰেণীৰ শতক অৰ্জন কৰিছিল।

অৱশ্যে প্ৰথম শ্ৰেণীৰ শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় বেটছমেনৰ অভিলেখ এতিয়াও ধ্ৰুৱ পাণ্ডোৱেৰ। ১৯৮৮ চনত মাত্ৰ ১৪ বছৰ ২৯৩ দিন বয়সতে শতক অৰ্জন কৰিছিল।

সূৰ্য্যবংশীয়ে শতক অৰ্জন কৰিব নোৱাৰিলেও ইনিংছৰ সময়ছোৱাত তেওঁ নতুন অভিলেখ গঢ়িলে। তেওঁ দুলীপ ট্ৰফীত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হয়। সূৰ্যবংশীয়ে ৮১ বলৰ ইনিংছত আক্ৰমণাত্মক বেটিং কৰিছিল যদিও হৰ্ষ ডুবেৰ পৰা ডাঙৰ শ্বট দিবলৈ চেষ্টা কৰি ৯২ ৰানত উইকেট হেৰুৱাইছিল। তেওঁ ডিপ মিডউইকেটৰ ওপৰেৰে বলটো লফ্ট কৰিবলৈ চেষ্টা কৰিছিল যদিও তাত নিয়োজিত ফিল্ডাৰজনে ধৰিছিল।

এই ইনিংছেৰে শচীন তেণ্ডুলকাৰৰ প্ৰায় ৩৮ বছৰীয়া অভিলেখ অতিক্ৰম কৰাৰ সুযোগ পাইছিল সূৰ্যবংশীয়ে যদিও শতকতকৈ ৮ ৰান কমি গৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande