ফৰ্মুলা ১: লেণ্ডো ন’ৰিছে ২০৩০ চনলৈকে বঢ়ালে মেকলেৰেনৰ সৈতে চুক্তি, কয়-এই দলৰ সৈতে নিজৰ সমগ্ৰ কেৰিয়াৰ কটাব বিচাৰো
ৱকিং, ২৯ আগষ্ট (হি.স.)। ফৰ্মুলা ১ৰ বর্তমানৰ বিশ্ব চেম্পিয়ন লেণ্ডো ন’ৰিছে ২০৩০ চনৰ ছিজনৰ শেষলৈকে মেকলেৰেনৰ সৈতে চুক্তি বৃদ্ধি কৰিছে ৷ নতুন চুক্তিত দলৰ সৈতে থকাৰ বিকল্প সন্নিবিষ্ট কৰা হৈছে। ৱকিঙৰ মেকলেৰেন কাৰখানাত অনুষ্ঠিত হোৱা বন্ধু আৰু পৰিয়াল দ
लैंडो नॉरिस


ৱকিং, ২৯ আগষ্ট (হি.স.)। ফৰ্মুলা ১ৰ বর্তমানৰ বিশ্ব চেম্পিয়ন লেণ্ডো ন’ৰিছে ২০৩০ চনৰ ছিজনৰ শেষলৈকে মেকলেৰেনৰ সৈতে চুক্তি বৃদ্ধি কৰিছে ৷ নতুন চুক্তিত দলৰ সৈতে থকাৰ বিকল্প সন্নিবিষ্ট কৰা হৈছে।

ৱকিঙৰ মেকলেৰেন কাৰখানাত অনুষ্ঠিত হোৱা বন্ধু আৰু পৰিয়াল দিৱসৰ সময়ত দলৰ কৰ্মচাৰীৰ সন্মুখত এই ঘোষণা কৰে ২৬ বছৰীয়া নৰিছে। শেহতীয়াকৈ তেওঁ হাংগেৰী আৰু নেদাৰলেণ্ডত একেৰাহে দুখন দৌৰত জয়লাভ কৰে।

যোৱা ছিজনত মেকলেৰেনৰ হৈ ড্ৰাইভাৰ চেম্পিয়নশ্বিপ লাভ কৰি ২০০৮ চনত লুইছ হেমিল্টনৰ পিছত মেকলেৰেনৰ প্ৰথম ড্ৰাইভাৰ চেম্পিয়ন হৈছিল।

নৰিছে পূৰ্বে কৈছিল যে তেওঁ নিজৰ সমগ্ৰ কেৰিয়াৰ মেকলেৰেনৰ সৈতে কটাব বিচাৰে। তেওঁ কয়, এইখিনিতে মোৰ বাবে আন ঠাইলৈ যোৱাৰ কথা চিন্তা কৰাৰ কোনো কাৰণ নাই। মই মোৰ সমগ্ৰ কেৰিয়াৰ মেকলেৰেনৰ সৈতে কটাব বিচাৰো কাৰণ মই ইয়াত সুখী আৰু সলনি হ'ব নিবিচাৰো।

তেওঁ লগতে কয়, মই মেকলেৰেনৰ সৈতে যুঁজিব বিচাৰো যেতিয়া কথাবোৰ ভাল নহয়, আৰু এই দলৰ সৈতে জয়ী হ'ব বিচাৰো যেতিয়া কথাবোৰ ভাল হয়। গতিকে, মোৰ কেৰিয়াৰৰ শেষত, মোৰ বাবে এইটো ক'বলৈ বৰ আনন্দ হ'ব যে মেকলেৰেন আছিল একমাত্ৰ দল যাৰ বাবে মই দৌৰিছিলো।

২০১৯ চনত মেকলেৰেনৰ সৈতে ফৰ্মুলা ১ত অভিষেক ঘটা ন’ৰিছে ইয়াৰ পূৰ্বে ২০১৭ চনত টেষ্ট আৰু চিমুলেটৰ ড্ৰাইভাৰ হিচাপে দলটোত যোগদান কৰিছিল।

আজিলৈকে ন’ৰিছে ১৩টা গ্ৰেণ্ড প্ৰিক্স জয় লাভ কৰিছে আৰু বৰ্তমানৰ কনষ্ট্ৰাক্টৰছ চেম্পিয়ন মেকলেৰেনৰ হৈ ১৮টা প’ল পজিচন লাভ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande