ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি তেজপুৰত স্বায়ত্তশাসিত দৰং মহাবিদ্যালয় আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰীতি ফুটবল খেল
শোণিতপুৰ, ২৯ আগষ্ট (হি.স.) : হকী খেলৰ যাদুকৰ হিচাপে পৰিগণিত মেজৰ ধ্যান চান্দৰ জন্ম বাৰ্ষিকীৰ আজিৰ দিনটোত অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আজিৰ দিনটোত তেজপুৰত দুখন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মাজত চলিল প্ৰচণ্ড যুঁজ । এখন খেল পথাৰত দুয়োখন মহাবিদ্যালয
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি তেজপুৰত স্বায়ত্তশাসিত দৰং মহাবিদ্যালয় আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰীতি ফুটবল খেল


শোণিতপুৰ, ২৯ আগষ্ট (হি.স.) :

হকী খেলৰ যাদুকৰ হিচাপে পৰিগণিত মেজৰ ধ্যান চান্দৰ জন্ম বাৰ্ষিকীৰ আজিৰ দিনটোত অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আজিৰ দিনটোত তেজপুৰত দুখন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মাজত চলিল প্ৰচণ্ড যুঁজ । এখন খেল পথাৰত দুয়োখন মহাবিদ্যালয়ৰ দুভৰিৰ আকৰ্ষণীয় যুঁজ আকৌ প্ৰতক্ষ কৰিলে দুয়োখন মহাবিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীয়ে ।

উল্লেখ্য যে হকীৰ যাদুকৰ গৰাকীৰ জন্ম দিনটোত ২০১২ চনৰ পৰা দেশজুৰি পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস । সাম্প্ৰতিক সময়ত ক্ৰীড়াৰ গুৰুত্ব আৰু মহত্ব প্ৰতিপন্ন কৰি শিক্ষাৰ্থী সকলকো বিদ্যায়তনিক উৎকৰ্ষতাৰ সমান্তৰালভাৱে ক্ৰীড়া ক্ষেত্ৰত দক্ষ প্ৰতিপন্ন কৰি তুলিবলৈ এই দিনটোত দেশজুৰি বিভিন্ন ক্ৰীড়া সংপৃক্ত কাৰ্যসূচী গ্ৰহণ কৰাৰ মাজতে আজি স্বায়ত্তশাসিত দৰং মহাবিদ্যালয়ৰ উদ্যোগত দৰং মহাবিদ্যালয়ৰ খেলপথাৰত বিয়লিৰ পৰা অনুষ্ঠিত হয় স্বায়ত্তশাসিত ৰঙাপৰা মহাবিদ্যালয় আৰু দৰংমহাবিদ্যালয়ৰ মাজত এখন আকৰ্ষণীয় প্ৰীতি ফুটবল খেলৰ ।

দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়া আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাৰ লগতে দুয়োখন মহাবিদ্যালয়ৰ একাংশ অধ্যাপক -অধ্যাপিকা আৰু শিক্ষাৰ্থীৰ উপস্থিতিত অতি উৎকন্ঠাৰ এই খেলৰ মাজতে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই সাংবাদিকৰ আগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত এই প্ৰীতি খেলখনৰ জৰিয়তে শিক্ষাৰ্থী সকলক দিনটোৰ গুৰুত্ব অনুধাৱন কৰাৰ প্ৰয়াস কৰা হয় বুলি মন্তব্য কৰে ।

একেদৰে দুয়োখন মহাবিদ্যালয়ৰ পৰা ১৭ গৰাকীকৈ খেলুৱৈয়ে অংশ গ্ৰহণ কৰা আৰু বিপুল হৰ্ষোল্লাসৰ মাজত অনুষ্ঠিত এই প্ৰীতি ফুটবল খেলৰ সন্দৰ্ভত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ তাৎপৰ্য ব্যখ্যা কৰি এখন বিকশিত দেশৰ বাবে ক্ৰীড়া গুৰুত্ব আৰু এই ক্ষেত্ৰত শিক্ষাৰ্থী সকলকো জড়িত কৰোৱা উচিত বুলি মন্তব্য কৰে ।

উল্লেখ্য যে তীব্ৰ প্ৰতিযোগিতাৰ পিছত দৰংমহাবিদ্যালয় দলে ৪-১ গ'লৰ ব্যৱধানত ৰঙাপৰা মহাবিদ্যালয়ক পৰাজিত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande