
দক্ষিণ শালমাৰা মানকাচৰ, ২৯ আগষ্ট (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত বউ বজাৰত যোৱা কালি শুকুৰবাৰে নিশা কালাপানী আৰক্ষীয়ে অভিযান চলায়। কালাপানী আৰক্ষীৰ এই অভিযানত ৪০০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটো মানকাচৰ থানা এলেকাৰ বউ বজাৰৰ চুদিত জামাল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে । সম্প্ৰতি আৰক্ষীয়ে আটকাধীন লোক জনক কালাপানী আৰক্ষী চকীলৈ নি অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ