গোৰেশ্বৰ আৰক্ষীৰ সফল অভিযান, ২খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ ৪ কুখ্যাত বাইকচোৰ
গোৰেশ্বৰ আৰক্ষীৰ সফল অভিযান, ২খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ ৪ কুখ্যাত বাইকচোৰ।
গোৰেশ্বৰ আৰক্ষীৰ সফল অভিযান, ২খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ ৪ কুখ্যাত বাইকচোৰ


বাক্সা, ২৯ আগষ্ট (হি.স.): বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষীয়ে সফল অভিযান চলাই ২খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰে ৪ কুখ্যাত বাইকচোৰ । এক গোপন সূত্ৰৰ পম খেদি মেঘালয়ৰ ম’চুনগ্ৰামত গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ বসুমতাৰী আৰু সহঃ আৰক্ষী বিষয়া দীপক বাড়োৱাটি চলাইছিল অভিযান।

অভিযানত আৰক্ষীয়ে ২ খনকৈ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় গোৰেশ্বৰ থানাৰ আৰক্ষীৰ দলটোৱে । বাইক চুৰি চক্ৰত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে ৪ জন গভাইত চোৰক ৷ ধৃত চোৰ কেইজন ক্ৰমে- সুকুমাৰ বড়ো( ৩৫), কৰন চুন্দি (২২),নিপু দাস (২৫), বাবু বসুমতাৰী (২৬) দীৰ্ঘদিনধৰি গোৰেশ্বৰৰ বিভিন্ন স্থানত কুখ্যাত বাইক চোৰৰ চক্ৰটোৱে বাইকসমূহ চুৰি কৰি মেঘালয়ৰ ম’চুনগ্ৰাম সীমান্তত বিক্ৰী কৰি আহিছিল ৷ মেঘালয় আৰক্ষীৰ সহযোগত গোৰেশ্বৰ আৰক্ষীয়ে এই অভিযান সফল হয়৷ইতিমধ্যে ধৃত চোৰ কেইজনক আজি গোৰেশ্বৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে গোৰেশ্বৰ আৰক্ষীয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande