
গোলাঘাট, ০৮ জুলাই (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱা কালি মঙলবাৰে নিশা এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় । ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই এজন ব্যক্তিক । মহিলাক অশ্লীল ইংগিত দিয়াৰ অভিযোগত ৰাইজে আটক কৰে এজন বয়োজ্যেষ্ঠ ব্যক্তিক ।
জানিব পৰা মতে ব্যক্তি জন চৰকাৰী চাকৰিয়াল । লোকজনৰ ঘৰ দেৰগাঁৱৰ বাদুলিপাৰত । লোকজনে প্ৰায়ে মহিলা যুৱতীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ উঠি আহিছিল। অৱশেষত ৰাইজে লম্পটটোক কৰায়ত্ত কৰি উত্তম মধ্য়ম সোধাই দেৰগাঁও আৰক্ষীক গতাই দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ