
চিৰাং, ০৮ জুলাই (হি.স.): চিৰাং জিলাৰ বিজনীৰ পাণবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৩নং গৰাইমাৰী কালপানী বিলৰ ওচৰত যোৱা কালি মঙলবাৰে নিশা পিষ্টল সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় । বৌপাৰাৰ গাঁৱৰ পৰা পালেংবাৰীলৈ এএছ ২৬ এ ৬৯১০ নম্বৰৰ বাইকেৰে আহি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই দুজন যুৱকক গ্ৰেপ্তাৰ কৰে । ধৃত যুৱক দুজন বৌপাৰা গাঁৱৰ শুকুৰ আলি আৰু আব্বাছ আলি বুলি পৰিচয় পোৱা গৈছে ।
আৰক্ষীৰ তথ্য অনুসৰি, এটা দেশীয় (Country-made) পিষ্টল আৰু চাৰি জাঁই সজীৱ গুলী লৈ গৈ থকা সময়তে দুয়োকে হাতে-লোটে গ্ৰেপ্তাৰ কৰে । পাণবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰ আৰু উপ-আৰক্ষী বিষয়া আনোৱাৰ হুছেইনৰ নেতৃত্বত এই অভিযান চলাইছিল । ঘটনাস্থলীত বিজনী মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত আৰু পাণবাৰী আৰক্ষী চক্ৰ বিষয়া ৰিতুল মুনি দাস উপস্থিত থাকে । আৰক্ষীয়ে জব্দ কৰা দেশীয় পিষ্টল আৰু গুলীসমূহৰ উৎস, লগতে ইয়াৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি, সেই দিশত তদন্ত অব্যাহত ৰাখিছে পাণবাৰী আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ