৭ আগষ্টৰ পৰা কৰা হ'ব বানত হোৱা ক্ষয়-ক্ষতিৰ হিচাপ-মুখ্যমন্ত্ৰী
গুৱাহাটী, ৩১ জুলাই (হি.স.)।৭ আগষ্টৰ পৰা কৰা হব উজনিৰ বানত হোৱা ক্ষয় ক্ষতিৰ হিচাব। আজি কেবিনেটৰ বৈঠকৰ অন্তত এক সংবাদমেলত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই কয় যে উজনিৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত হোৱা প্ৰলয়ংকাৰী বানত হো
মুখ্য়মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা


গুৱাহাটী, ৩১ জুলাই (হি.স.)।৭ আগষ্টৰ পৰা কৰা হব উজনিৰ বানত হোৱা ক্ষয় ক্ষতিৰ হিচাব। আজি কেবিনেটৰ বৈঠকৰ অন্তত এক সংবাদমেলত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই কয় যে উজনিৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতিৰ হিচাবে ৭ আগষ্টৰ পৰা কৰা হব আৰু ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে যাব শিৱসাগৰ- চৰাইদেউলৈ।

ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কেবিনেটট লোৱা সিদ্ধান্ত সমূহৰ বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে জনায় যে বায়ু গেচৰ প্ৰকল্পৰ অনুমোদন দিয়া হৈছে। গুৱাহাটী-তিনিচুকীয়াত আৰম্ভ হব গেছ প্লান্ট নিৰ্মাণৰ কাম। ইফালে ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত আজিৰ কেবিনেটৰ বৈঠক আলোচনা কৰি বানাক্ৰান্ত জিলাত বীমা নিস্পত্তি ত্বৰান্বিত কৰাৰ নিৰ্দেশ দিয়া হয়। ৫ আগষ্টত বীমা কোম্পানীৰ সৈতে বহিব মুখ্যমন্ত্ৰী।

ছাত্ৰ- ছাত্ৰীৰ ইউনিফৰ্মৰ বাবে সমগ্ৰ শিক্ষাক দিয়া হ'ব ধন। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা দিয়া হৈছে ৮কোটি টকা।

৯ আগষ্টৰ পৰা চৰাইদেউ- শিৱসাগৰৰ বিদ্যালয় খোলাৰ পৰিকল্পনা। বানত ক্ষতিগ্ৰস্ত বিদ্যালয়লৈ আগবঢ়াব ৩লাখকৈ টকা। ১ ছেপ্তেম্বৰৰ পৰা মূল্যায়ন কৰিব ৰাস্তা-ঘাটৰ ক্ষয়-ক্ষতি। আগষ্টৰ ভিতৰতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে।

শিৱসাগৰ জিলাত ৫৫০ খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউতো বহুকেইখন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে। অসম কম্প্ৰেছ বায়ু গেছ প্ৰকল্পত অনুমোদন। বিদ্যালয় পৰিস্কাৰ কৰিবলৈও মুকলি কৰি দিয়া হ'ব ধন। গোৱালপাৰা জিলাৰ ৰাক্ষসিনী আৰু থাৰ্কোনলবাৰী বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। আনহাতে অসমৰ বানপানীৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী কেতিয়া অসমলৈ আহিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- প্ৰধানমন্ত্ৰী সঠিক সময়ত অসমলৈ আহিব। তেওঁ লগতে ইয়াকো কয় যে, অসমক বিপদত পৰিব নিদিয়ে নৰেন্দ্ৰ মোডীয়ে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande