বানাক্ৰান্ত পৰিয়ালসমূহলৈ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ সাহাৰ্য
গুৱাহাটী, ৩১ জুলাই (হি.স.)। মানৱীয় সেৱা আৰু সামূহিক কল্যাণৰ প্ৰতি নিজৰ অটল দায়বদ্ধতাৰ পৰিচয় দি উত্তৰ-পূব সীমান্ত ৰে''লৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ সদস্যসকলে অসমৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাইজক সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে এক বিশেষ বান সাহায্য সামগ
বানাক্ৰান্ত পৰিয়ালসমূহলৈ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ সাহাৰ্য


গুৱাহাটী, ৩১ জুলাই (হি.স.)। মানৱীয় সেৱা আৰু সামূহিক কল্যাণৰ প্ৰতি নিজৰ অটল দায়বদ্ধতাৰ পৰিচয় দি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ সদস্যসকলে অসমৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাইজক সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে এক বিশেষ বান সাহায্য সামগ্ৰী সংগ্ৰহ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই অভিযানৰ অংশ হিচাপে চলিত বৰ্ষৰ ২৭ জুলাইৰ পৰা ৩১ জুলাইলৈ মালিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় প্ৰাঙ্গনত এক বান সাহায্য সামগ্ৰী সংগ্ৰহ আৰু বিতৰণ কেন্দ্ৰ স্থাপন কৰা হয়।

চলিত বৰ্ষৰ ২৭ জুলাই তাৰিখে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য কাৰ্মিক বিষয়াই (পিচিপিঅ’)জ্যেষ্ঠ বিষয়াবৰ্গ, কৰ্মচাৰী আৰু ভাৰত স্কাউটছ এণ্ড গাইডছৰ সদস্যসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই সংগ্ৰহ অভিযানৰ শুভাৰম্ভ কৰে। এই পদক্ষেপত ৰে'লৱেৰ কৰ্মচাৰী আৰু সদস্যসকলে আন্তৰিকতাৰে অংশগ্ৰহণ কৰি বানপীড়িত পৰিয়ালসমূহৰ বাবে উদাৰতাৰে প্ৰয়োজনীয় সাহায্য সামগ্ৰী দান কৰে।

কেৱল সাহায্য সামগ্ৰী সংগ্ৰহতেই সীমাবদ্ধ নাথাকি, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ মৰিয়নী জিলা সংস্থাৰ সদস্যসকলে শিৱসাগৰ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহত সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীও ৰূপায়ন কৰে। দলটোৱে বানপীড়িত পৰিয়ালসমূহৰ কাষ চাপি অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী প্ৰদান কৰাৰ লগতে এনে পৰিস্থিতিৰ সময়ত তেওঁলোকক সময়োপযোগী সহায় আৰু নৈতিক সমৰ্থন আগবঢ়ায়।

স্বেচ্ছাসেৱকসকলে স্থানীয় বাসিন্দাসকলৰ সৈতে সক্ৰিয়ভাৱে মত বিনিময় কৰি সাহায্য সামগ্ৰী যাতে অভাৱগ্ৰস্ত প্ৰকৃত ৰাইজৰ হাতত পৰে সেইটো নিশ্চিত কৰি তোলে। ইয়াৰ জৰিয়তে স্কাউটছ এণ্ড গাইডছ আন্দোলনৰ মূল আদৰ্শ—সেৱা, সহমৰ্মিতা আৰু সমাজৰ প্ৰতি নিঃস্বাৰ্থ সমৰ্পণ মনোভাৱকে প্ৰতিফলিত কৰিছে।

উত্তৰ-পূব সীমান্ত ৰেলৱেই কেৱল যাত্ৰীসকলৰ সেৱাতেই নহয়, প্ৰয়োজনৰ সময়ত সমগ্ৰ অঞ্চলৰ ৰাইজৰ কাষত থকাৰ প্ৰতিও সদায় প্ৰতিশ্ৰুতিবদ্ধ। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ এই পদক্ষেপে সামাজিক দায়বদ্ধতা আৰু সমূহীয়া সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে য'তেই প্ৰয়োজন, ত'তেই সহায় আগবঢ়োৱাৰ বাবে এই সংস্থাৰ মূলমন্ত্ৰক অধিক শক্তিশালী কৰিছে। এনে অৰ্থবহ মানৱীয় প্ৰচেষ্টাৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেই উত্তৰ-পূৰ্ব্বাঞ্চলৰ জনসাধাৰণৰ সৈতে ঐক্যবদ্ধভাৱে থিয় হৈ এনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্য, পুনৰ্বাসন আৰু সমাজত সুস্থিৰতা বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande