কেবিনেট সিদ্ধান্তক আদৰণি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
উন্নয়ন, সংৰক্ষণ আৰু জনস্বার্থক অগ্রাধিকাৰঃ কেবিনেট বৈঠকৰ কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গুৱাহাটী, ৩১ জুলাই (হি.স.)। ৰাইজৰ কল্যাণ, অসমৰ উন্নয়ন আৰু ভৱিষ্যৎ প্রজন্মৰ সুৰক্ষাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৰ্বোচ্চ অগ্রাধিকাৰ।” অসমৰ সৰ্বাংগীণ উন্নয়ন, পৰ
বিজেপিৰ দলীয় পতাকা


উন্নয়ন, সংৰক্ষণ আৰু জনস্বার্থক অগ্রাধিকাৰঃ কেবিনেট বৈঠকৰ কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত

গুৱাহাটী, ৩১ জুলাই (হি.স.)। ৰাইজৰ কল্যাণ, অসমৰ উন্নয়ন আৰু ভৱিষ্যৎ প্রজন্মৰ সুৰক্ষাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৰ্বোচ্চ অগ্রাধিকাৰ।” অসমৰ সৰ্বাংগীণ উন্নয়ন, পৰিৱেশ সংৰক্ষণ, স্বচ্ছ প্রশাসন আৰু জনসাধাৰণৰ কল্যাণক অগ্রাধিকাৰ দি অসম মন্ত্রীসভাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুৰক্ষিত আৰু সমৃদ্ধ অসম গঢ়াৰ দিশত নিৰন্তৰ পদক্ষেপ গ্রহণ কৰি আহিছে।

ৰাজ্যিক বিজেপিৰ মুখপাত্র ড০ অংকিতা দত্তই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত গ্রহণ কৰা একাধিক জনকল্যাণমূলক সিদ্ধান্তক ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াই আন্তৰিকভাৱে আদৰণি জনাইছে বুলি জানিবলৈ দিয়ে। এই সিদ্ধান্তসমূহে ৰাজ্যৰ সেউজ অর্থনীতি, পৰিৱেশ সংৰক্ষণ, প্রশাসনিক সংস্কাৰ আৰু জনসেৱাক অধিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব।

আজিৰ কেবিনেটৰ বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হৈছে অসম সংপ্রীতি জৈৱগেছ নীতি, ২০২৬ক অনুমোদন। ৰাজ্যৰ জৈৱিক আৱৰ্জনাক পৰিষ্কাৰ শক্তিলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে অসম সংপ্রীতি জৈৱগেছ (চিবিজি) নীতি, ২০২৬ ত কেবিনেটত অনুমোদন। এই নীতিয়ে জৈৱিক আৱৰ্জনাৰ সদ্ব্যৱহাৰৰ লগতে প্রকল্পসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰূপায়ণৰ পথ প্রশস্ত কৰিব। বিনিয়োগ আৰু উদ্যোগৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ লগতে ৰাজ্যত স্বচ্ছ শক্তিব ব্যৱহাৰ বৃদ্ধি পাব। অসমৰ সেউজ এলেকা বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ।

গোৱালপাৰাত প্ৰস্তাৱিত বাক্সশিনী সংৰক্ষিত বনাঞ্চল আৰু ধুবুৰীৰ নলাবাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল সংৰক্ষিত বনাঞ্চল হিচাপে অধিসূচনা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই পদক্ষেপে অসমৰ বনাঞ্চল, জীৱ-বৈচিত্র্য আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিব। জনবিশ্বাস নীতিৰ অধীনত পৰীক্ষা ব্যৱস্থাত সংস্কাৰ। অসমৰ অভিযান্ত্ৰিক পৰীক্ষা ব্যৱস্থাক অধিক স্বচ্ছ, বিশ্বাসযোগ্য আৰু আধুনিক কৰাৰ লক্ষ্যৰে অসম ইঞ্জিনিয়াৰিং পৰীক্ষা বিদ্যা (চৰকাৰ অনুমোদিত পৰীক্ষা কেন্দ্র) বিধি, ২০২৬ ত অনুমোদন জনোৱা হয়। ইয়াৰ জৰিয়তে পৰীক্ষা ব্যৱস্থাত অনিয়ম ৰোধ কৰাৰ লগতে স্ব-প্রমাণীকৰণ আৰু ওজন-আকাৰ পৰিৰ্মাপ সংক্রান্ত প্ৰমাণপত্ৰৰ ব্যৱস্থা অধিক সুসংগঠিত হ'ব। সেৱা নিয়ম সংশোধনৰ জৰিয়তে স্বচ্ছতা আৰু যোগ্যতাক অগ্রাধিকাৰ। পশু চিকিৎসা ক্ষেত্ৰৰ সহায়কসকলৰ নিযুক্তি আৰু সেৱাৰ চৰ্তসমূহ অধিক স্বচ্ছ, যোগ্যতাভিত্তিক আৰু সমতা নিশ্চিত কৰাৰ উদ্দেশ্যে অসম পশুপালন আৰু পশু চিকিৎসা অধীনস্থ সেৱা (সংশোধনী) বিধি, ২০২৬ ত অনুমোদন জনোৱা হয়।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে উন্নয়ন, পৰিৱেশ সংৰক্ষণ, স্বচ্ছ প্রশাসন আৰু জনকল্যাণ-এই চাৰিটা স্তম্ভক আধাৰ কৰি ৰাজ্যখনক অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত আগবাঢ়িছে বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande