
শোণিতপুৰ, ৩১ জুলাই (হি.স.)। চাহ জনগোষ্ঠীয় আদিবাসী নিবনুৱা যুৱক যুৱতী সকলক কৰ্মসংস্থাপন দিবৰ বাবে ডিয়াগ' ইণ্ডিয়াৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ পদক্ষেপ হিচাপে ভিভ' স্কীল এণ্ড ট্ৰেইনিং আৰু টুৰিজিম এণ্ড হস্পিটেলিটি স্কিলছ কাউন্সিল ৰ সহযোগত শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী চাহ বাগিচাত প্ৰায় ৩৫ গৰাকী নিবনুৱা যুৱক যুৱতীক এক বিনামুলীয়াকৈ বৃত্তিমুলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
ফুলবাৰী চাহ বাগিছাত অবস্থিত স্কিল ডেভলপমেন্ট চেন্টাৰত কাউন্টাৰ চেলছ এক্সিকিউটিভ ট্ৰেইনিং প্ৰগেমত অনুষ্ঠিত কৰা এক অনুষ্ঠানত উক্ত প্ৰশিক্ষাৰ্থী সকলক ইউনিফৰ্ম আৰু প্ৰশিক্ষণ কিট বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰঙাপৰা সমজিলাৰ সহকাৰী আয়ুক্ত প্ৰমোদ শৰ্মা,অসম চাহ মজদুৰ সংঘৰ সম্পাদক সুনীল টুটি,ফুলবাৰী চাহ বাগিচাৰ উপ প্ৰবন্ধক দৰ্পন শইকীয়া।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু