হকী বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ষ্ট্ৰাইকাৰসকলে জনালে সফলতাৰ সূত্ৰ
নতুন দিল্লী, ৩১ জুলাই (হি.স.)। এফ আই এইচ হকী বিশ্বকাপ ২০২৬ আৰম্ভ হ’বলৈ দুসপ্তাহৰো কম সময় বাকী থকা সময়তেই ভাৰতীয় পুৰুষ হকী দলটো চূড়ান্ত প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। দলটোৰ তাৰকা ফৰৱাৰ্ড মনদ্বীপ সিং, অভিষেক আৰু শিলানন্দ লাক্ৰাই বিশ্বাস কৰে যে আধুনিক
टीम के स्टार फॉरवर्ड मनदीप सिंह, अभिषेक


নতুন দিল্লী, ৩১ জুলাই (হি.স.)। এফ আই এইচ হকী বিশ্বকাপ ২০২৬ আৰম্ভ হ’বলৈ দুসপ্তাহৰো কম সময় বাকী থকা সময়তেই ভাৰতীয় পুৰুষ হকী দলটো চূড়ান্ত প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।

দলটোৰ তাৰকা ফৰৱাৰ্ড মনদ্বীপ সিং, অভিষেক আৰু শিলানন্দ লাক্ৰাই বিশ্বাস কৰে যে আধুনিক হকীৰ সফলতাৰ বাবে ফৰৱাৰ্ডৰ মাজত সমন্বয়, ধাৰাবাহিকতা আৰু দলীয় কাম-কাজ অতি গুৰুত্বপূৰ্ণ।

চতুৰ্থটো এফ আই এইচ বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা অভিজ্ঞ ফৰৱাৰ্ড মনদীপ সিঙে কয় যে তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে জ্যেষ্ঠ খেলুৱৈৰ পৰা বহু কথা শিকিছিল আৰু এতিয়া সেই অভিজ্ঞতা কনিষ্ঠ খেলুৱৈৰ সৈতে ভাগ-বতৰা কৰি আছে।

হকী ইণ্ডিয়াৰ উদ্ধৃতিৰে তেওঁ কয়, সৰুতে মই জ্যেষ্ঠ খেলুৱৈক বহু প্ৰশ্ন কৰিছিলো আৰু তেওঁলোকৰ পৰা বহু কথা শিকিছিলো। এতিয়া, মই সেই একে অভিজ্ঞতা কনিষ্ঠ ফৰৱাৰ্ডৰ সৈতে ভাগ কৰি লওঁ। আমি চাপ চম্ভালিব পৰা, শান্ত হৈ থকা আৰু ডাঙৰ মেচত সঠিক সিদ্ধান্ত লোৱাৰ বিষয়ে আলোচনা কৰোঁ।

মনদীপৰ মতে, গ’ল দিয়াৰ সফলতা কেৱল প্ৰতিভাৰ পৰাই নহয়, প্ৰণালীবদ্ধ অনুশীলনৰ পৰাও আহে।

তেওঁ কয়, ফৰৱাৰ্ডৰ বাবে আমাৰ অনুশীলন অধিবেশন অতি বিশেষ। আমি অহৰহ ডিৰ ভিতৰত সমন্বয় গঢ়ি তোলা, চূড়ান্ত পাছ সঠিকভাৱে বাছি লোৱা, আৰু প্ৰতিটো আক্ৰমণ এক্সিকিউট কৰা। আমাৰ লক্ষ্য প্ৰতিবাৰ ডিত প্ৰৱেশ কৰাৰ সময়ত গ'ল দিয়া, গ'লত শ্বট লোৱা বা পেনাল্টি কৰ্ণাৰ অৰ্জন কৰা।

তেওঁ লগতে কয়, এজন ভাল ষ্ট্ৰাইকাৰে কেৱল গ'ল দিয়াৰ কথা নাভাবে। হকী এটা দলীয় খেল, আৰু সতীৰ্থৰ সৈতে যিমানেই ভাল বুজাবুজি হ'ব সিমানেই ফলপ্ৰসূ প্ৰদৰ্শন।

প্ৰথম এফ আই এইচ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাই থকা শিলানন্দ লক্ৰাই কয় যে জ্যেষ্ঠ খেলুৱৈ বিশেষকৈ মনদ্বীপ সিঙৰ পথ প্ৰদৰ্শন অতি সহায়ক হৈছে।

তেওঁ কয়, যেতিয়াই মই ভুল কৰো তেতিয়াই জ্যেষ্ঠ খেলুৱৈসকলে মোক কয় যে মই ক'ত উন্নতি কৰিব লাগিব। মনদীপ ভাইয়ে মোক সদায় উৎসাহিত কৰে আৰু সঠিক দিশলৈ আঙুলিয়াই দিয়ে। তেওঁৰ পৰামৰ্শই মোক অহৰহ শিকিবলৈ আৰু উন্নতি কৰিবলৈ সহায় কৰে।

লাক্ৰাৰ মতে আধুনিক হকীত ফৰৱাৰ্ডৰ ভূমিকা এতিয়া কেৱল গ’ল দিয়াৰ মাজতে সীমাবদ্ধ নাথাকে।

তেওঁ কয়, মই সদায় দললৈ সকলো ধৰণৰ অৰিহণা যোগাবলৈ চেষ্টা কৰোঁ। সেয়া সুযোগ সৃষ্টি কৰাই হওক, গ'ল দিয়াই হওক, টেকেল কৰাই হওক, মই প্ৰতিটো দিশতে অৰিহণা যোগাবলৈ চেষ্টা কৰোঁ। এতিয়া, ফৰৱাৰ্ডসকলো দলৰ প্ৰথম ডিফেন্স লাইন। যদি আমি ভালদৰে ডিফেণ্ড কৰো তেন্তে ডিফেণ্ডাৰ আৰু মিডফিল্ডাৰৰ কাম সহজ হৈ পৰে।

ভাৰতৰ নিৰ্ভৰযোগ্য গ’লদাতা অভিষেকে কয় যে তেওঁৰ ধাৰাবাহিকতাৰ ৰহস্য শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে কঠোৰ প্ৰস্তুতিত নিহিত হৈ আছে।

তেওঁ কয়, এজন ষ্ট্ৰাইকাৰৰ ধাৰাবাহিকতা বল অবিহনে তেওঁৰ গতিবিধিৰ পৰা আৰম্ভ হয়। বলৰ বাহিৰত গতি আৰু প্ৰেছ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ফৰৱাৰ্ড হৈছে দলৰ প্ৰথম ডিফেন্স লাইন। বল লাভ কৰাৰ পিছত আন ফৰৱাৰ্ডৰ সৈতে সমন্বয় স্থাপন কৰা আৰু তাৰ পিছত আক্ৰমণক গ'ল, শ্বট বা পেনাল্টি কৰ্ণাৰলৈ ৰূপান্তৰ কৰাটো আমাৰ দায়িত্ব।

মানসিক শক্তিৰ সন্দৰ্ভত তেওঁ কয়, ডিৰ ভিতৰৰ স্থিৰতা অনুশীলনৰ পৰাই আহে। প্ৰশিক্ষণত কঠোৰ পৰিশ্ৰম নকৰিলে হেঁচাত সঠিক সিদ্ধান্ত ল'ব নোৱাৰিব। আমি ধ্যান আৰু অভিজ্ঞতাৰ জৰিয়তেও মানসিকভাৱে নিজকে শক্তিশালী কৰি লওঁ। আমি যিমানেই খেলিম সিমানেই কঠিন পৰিস্থিতিত শান্ত হৈ থাকিব পাৰিম।

উল্লেখ্য যে ১৫ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’ব এফ আই এইচ হকী বিশ্বকাপ ২০২৬। প্ৰতিযোগিতাখনত ভাৰতক পুল ডিত স্থান দিয়া হৈছে, য’ত ১৫ আগষ্টত ৱেলছৰ বিৰুদ্ধে অভিযান আৰম্ভ হ’ব। তাৰ পিছত ভাৰতীয় দলটোৱে ইংলেণ্ড আৰু প্ৰধান প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে খেলিব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande