
গুৱাহাটী, ৩১ জুলাই (হি.স.)। অসমৰ বানপীড়িত ৰাইজৰ আৰ্থিক বোজা লাঘৱ কৰাৰ লক্ষ্যৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হৈ ৰাজ্যিক পৰ্যায়ৰ বেংকিং কমিটি ৰ বিশেষ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ভাৰতীয় ৰিজার্ভ বেংক, নাবার্ড আৰু ৰাজ্যত কাৰ্যৰত সকলো মুখ্য বেংকৰ প্রতিনিধিসকলে অংশগ্রহণ কৰে।
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে মুখপাত্র ড০ অংকিতা দত্তই কয় যে, বেংকসমূহে দাখিল কৰা প্রতিবেদন অনুসৰি বানপীড়িত চাৰি অঞ্চলত মুঠ প্রায় ১১,৪০০ কোটি টকাৰ ঋণ বিদ্যমান। এই পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বানপীড়িত পৰিয়ালসমূহক তাৎক্ষণিক আর্থিক সকাহ প্রদানৰ উদ্দেশ্যে কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত লোৱা গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ হৈছে- বেংকসমূহে পুনৰ পৰীক্ষা কৰি নিশ্চিত কৰিব যে আবেদনকাৰী প্ৰকৃততে বানপীড়িত হয় নে নহয়। এই বিশেষ সুবিধাসমূহ কেৱল বানপীড়িত ৰাইজৰ বাবেহে প্রযোজ্য হ'ব। যিসকল ঋণগ্রহীতাৰ ঋণ-একাউণ্ট ১৯ জুলাইৰ পূৰ্বে নন পাৰ্ফমিং এছেট (এন প এ) হোৱা নাছিল, তেওঁলোক এই আঁচনিৰ সুবিধাৰ আওতালৈ আহিব।
হাউছিং ঋণ, শিক্ষামূলক ঋণ আৰু বাহন ঋণ গ্রহণ কৰা বানপীড়িতসকলৰ বাবে ৬ মাহৰ মৰেটৰিয়াম ঘোষণা কৰা হৈছে। অর্থাৎ এই সময়ছোৱাত তেওঁলোকক ঋণৰ কিস্তি পৰিশোধ কৰিব নালাগিব। এই ঋণসমূহৰ পৰিশোধৰ সময়সীমা পুনৰ ২ বছৰলৈ বৃদ্ধি কৰাৰ সুবিধাও প্ৰদান কৰা হ'ব। কৃষি ঋণ আৰু আত্মসহায়ক গোট (এছ এইছ জি) ৰ ঋণৰ ক্ষেত্ৰতো ৬ মাহলৈ ঋণ পৰিশোধৰ পৰা ৰেহাই দিয়া হৈছে আৰু ঋণ পৰিশোধৰ সময়সীমা ২ বছৰলৈ বৃদ্ধি কৰা হ'ব।
মীন পালন, হাঁহ-কুকুৰা পালন, পিগাৰী, ডেইৰী আদি জীৱিকাভিত্তিক উদ্যোগৰ ঋণৰ ক্ষেত্ৰতো ঋণ পৰিশোধৰ সময়সীমা ২ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ক্ষুদ্র, লঘু আৰু মধ্যম উদ্যোগ (এম এছ এম ই) খণ্ডৰ ঋণগ্রহীতাসকলৰ ক্ষেত্ৰত ঋণ পৰিশোধৰ সময়সীমা ৩ বছৰৰ পৰা ৫ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই সিদ্ধান্তসমূহে বানৰ ফলত ক্ষতিগ্রস্ত লাখ লাখ পৰিয়াল, কৃষক, ক্ষুদ্র ব্যৱসায়ী আৰু উদ্যোগীক তাৎক্ষণিক সকাহ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ আর্থিক পুনৰুদ্ধাৰত বিশেষ সহায় আগবঢ়াব। কেন্দ্রীয় চৰকাৰ আৰু অসমৰ ৰাজ্য চৰকাৰৰ সুসমন্বিত প্রচেষ্টাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে সংকটৰ সময়ত জনসাধাৰণৰ কাষত থিয় দিয়া আৰু তেওঁলোকৰ জীৱন-জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰাটোৱেই চৰকাৰৰ অগ্ৰাধিকাৰ। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰন্তৰ প্ৰচেষ্টা আৰু কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ ইতিবাচক সহযোগিতাৰ ফলতেই বানপীড়িত ৰাইজৰ বাবে এই ঐতিহাসিক আর্থিক সকাহৰ ব্যৱস্থা সম্ভৱ হৈছে বুলি মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী