বৰপেটাত জিলা পৰিবহন বিভাগৰ অভিযানত ঘাইপথত চলাচল কৰা ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ অভিযান
বৰপেটা, ৩১ জুলাই (হি.স.)। বৰপেটা জিলা পৰিবহন বিভাগৰ ঘাইপথত ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ অভিযান। ১২ খন ই-ৰিক্সা জব্দ ।ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ ঘোষণা কৰাৰ পাছতো নীতি-নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে বৰপেটা জিলা পৰিবহন ব
বৰপেটাত জিলা পৰিবহন বিভাগৰ অভিযানত ঘাইপথত চলাচল কৰা ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ অভিযান


বৰপেটা, ৩১ জুলাই (হি.স.)। বৰপেটা জিলা পৰিবহন বিভাগৰ ঘাইপথত ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ অভিযান। ১২ খন ই-ৰিক্সা জব্দ ।ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ ঘোষণা কৰাৰ পাছতো নীতি-নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে বৰপেটা জিলা পৰিবহন বিভাগ।

জিলা পৰিবহন বিষয়া বাপন কলিতাৰ নেতৃত্বত আজি বিশেষ অভিযান চলাই অবৈধভাৱে চলাচল কৰা ১২ খন ই-ৰিক্সা আটক কৰা হয়। জব্দ কৰা ই-ৰিক্সা সমূহৰ চালকক হাউলী থানালৈ নিয়া হয়। থানাত চালক সকলক পৰিবহন আইন সম্পৰ্কে সজাগ কৰাৰ লগতে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়।

পথ সুৰক্ষা নিশ্চিত কৰা আৰু দুৰ্ঘটনাৰ সম্ভাৱনা হ্ৰাস কৰাৰ উদ্দেশ্যে পৰিবহন বিভাগে পূৰ্বেই ঘাইপথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ কৰি জাননী জাৰি কৰিছিল। কিন্তু একাংশ চালকে চৰকাৰী নিষেধাজ্ঞা অমান্য কৰি ঘাইপথত ই-ৰিক্সা চলাই থকাৰ পৰিপ্ৰেক্ষিততে বিভাগে এই জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয়।

জিলা পৰিবহন বিষয়া বাপন কলিতাই স্পষ্ট কৰি দিছে যে চৰকাৰী নিৰ্দেশনা অমান্য কৰি ঘাইপথত ই-ৰিক্সা চলোৱাৰ বিৰুদ্ধে বিভাগে কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন নকৰে। আগন্তুক দিনতো এই অভিযান অব্যাহত থাকিব আৰু নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande