
নতুন দিল্লী, ২৫ জুলাই (হি.স.)। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে দেশজুৰি চোৰাংচোৱা ভিত্তিক অভিযান চলাই ২৭ কেজি চোৰাং সোণ জব্দ কৰাৰ লগতে ১২ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
শনিবাৰে বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে সংগঠিত সোণ সৰবৰাহৰ ছিণ্ডিকেটৰ ওপৰত দমন অব্যাহত ৰাখি ডি আৰ আইয়ে সমগ্ৰ দেশতে কেইবাটাও চোৰাংচোৱা ভিত্তিক অভিযান চলাইছে। ইয়াৰ ফলত ২৭ কেজিতকৈ অধিক চোৰাং সোণ জব্দ কৰাৰ লগতে ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
মন্ত্ৰালয়ে জনোৱা মতে, এই অভিযানত বিমানৰ শৌচাগাৰৰ ভিতৰত সোণ লুকুৱাই ৰখাৰ অত্যাধুনিক পদ্ধতি, বাহন আৰু বাচন-বৰ্তনত বিশেষভাৱে নিৰ্মিত গোপন গহ্বৰ, শৰীৰৰ ভিতৰত লুকুৱাই ৰখা আদি পদ্ধতিৰ কথা উন্মোচিত হৈছে। মন্ত্ৰালয়ে জনোৱা মতে, ২৩-২৪ জুলাইত মুম্বাইত ডি আৰ আইৰ বিষয়াসকলে ১২ কিলোগ্ৰাম ওজনৰ ছটা বিদেশী মূলৰ সোণৰ বাৰ উদ্ধাৰ কৰে।
বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ ব্ৰহ্মপুত্ৰ মেইলত যাত্ৰা কৰা এগৰাকী মহিলাৰ পৰা ৫ কিলোগ্ৰাম ওজনৰ ৪২টা বিদেশী মূলৰ সোণৰ দণ্ড উদ্ধাৰ কৰে ডি আৰ আইৰ বিষয়াসকলে। ইয়াৰ উপৰিও ২২-২৩ জুলাইত মুম্বাই বিমানবন্দৰত ৩.৭ কিলোগ্ৰাম সোণৰ ধূলি জব্দ কৰা হয় আৰু কেৰিয়াৰ, ক্লিনাৰ, হেণ্ডলাৰ, ৰিচিভাৰকে ধৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হয়।
তদুপৰি ১৯-২০ জুলাইত কলকাতা ৰে’লৱে ষ্টেচনত ডি আৰ আইৰ বিষয়াসকলে এজন যাত্ৰীক আটক কৰি বিশেষভাৱে নিৰ্মিত পাত্ৰৰ ভিতৰত চতুৰতাৰে লুকুৱাই থোৱা ৪.৬ কিলোগ্ৰাম বিদেশী মূলৰ সোণ উদ্ধাৰ কৰে। তদন্তত প্ৰকাশ পাইছে যে এই চোৰাং সোণ ম্যানমাৰ হৈ ভাৰতলৈ সৰবৰাহ কৰা হৈছিল। সোণ জব্দ কৰাৰ লগতে যাত্ৰীজনক আটক কৰে। মুঠতে ডি আৰ আইয়ে ২৭ কিলোগ্ৰাম চোৰাং সোণ জব্দ কৰাৰ লগতে দেশজোৰা অভিযানত ১২ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া