'আৱাৰাপন ২' লৈ ঘূৰি আহিছে অৰিজিৎ সিং
জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে অতি সোনকালে প্লেবেক গায়ন-বায়নলৈ ঘূৰি আহিব। খবৰ অনুসৰি তেওঁৰ উভতি আহিব অভিনেতা ইমৰান হাছমীৰ আগন্তুক ছবি আৱাৰাপন ২ৰ য়েহ আৱৰাপান গীতটো। অমল মালিকৰ গীতটিৰ কথা ৰশ্মি বিৰাগে ৰচনা কৰিছে। অৰিজিতৰ উভতি অহাৰ খবৰে তেওঁৰ
अरिजीत सिंह - फोटो सोर्स एक्स


জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে অতি সোনকালে প্লেবেক গায়ন-বায়নলৈ ঘূৰি আহিব। খবৰ অনুসৰি তেওঁৰ উভতি আহিব অভিনেতা ইমৰান হাছমীৰ আগন্তুক ছবি আৱাৰাপন ২ৰ য়েহ আৱৰাপান গীতটো। অমল মালিকৰ গীতটিৰ কথা ৰশ্মি বিৰাগে ৰচনা কৰিছে। অৰিজিতৰ উভতি অহাৰ খবৰে তেওঁৰ অনুৰাগীৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি অহা ২১ জুলাইত ইউটিউব আৰু অন্যান্য মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্মত মুক্তি পাব য়েহ আৱৰাপান গীতটো। সূত্ৰৰ পৰা জানিব পৰা মতে স্পেচিয়েল ফিল্মছ আৰু অৰিজিত সিঙৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। স্পেচিয়েল ফিল্মছে তেওঁক মাৰ্ডাৰ ২ ছবিৰ ফিৰ মহব্বত গীতটোৰে এটা ডাঙৰ বিৰতি দিছিল, তাৰ পিছত অৰিজিত হিন্দী চলচ্চিত্ৰ সংগীতৰ অন্যতম জনপ্ৰিয় কণ্ঠস্বৰ হিচাপে পৰিগণিত হৈছিল।

২০০৭ চনত মুক্তি পোৱা ইমৰাণ হাছমীৰ প্ৰশংসিত ছবি আৱাৰাপনৰ ছিকুৱেল আৱাৰাপন ২ ছবিখন।নিতিন কক্কাৰৰ পৰিচালনাত পুনৰ এবাৰ ইমৰাণক শিৱম পণ্ডিতৰ চৰিত্ৰত অভিনয় কৰিব। দিশা পাটানি, শ্বাবানা আজমী, সুৰেন্দ্ৰ বিকি, বিজয়ন্ত কোহলী, আৰু অতুল কুমাৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ২০২৬ চনৰ ১৪ আগষ্টত ছবিগৃহত মুক্তি পাবলগীয়া ছবিখনে ছানী দেউলৰ “পাৰ্টিছন ১৯৪৭”ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande