মুখ্যমন্ত্ৰীৰ নামত ইমেইল খুলি গ্ৰেপ্তাৰ হ’ল যুৱক
গুৱাহাটী, ১৯ জুলাই (হি.স.)। মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ নামত ই মেইল খুলি গ্ৰেপ্তাৰ হবলগীয়া হল এজন যুৱক । cmassamgov.in@gmail.com নামেৰে এটা মেইল খুলি ঠগবাজি কৰাৰ চেষ্টা চলাইছিল যুৱকজনে । অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এক অভিযান চলায় ১৬/০
মুখ্যমন্ত্ৰীৰ নামত ইমেইল খুলি গ্ৰেপ্তাৰ হল যুৱক


গুৱাহাটী, ১৯ জুলাই (হি.স.)। মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ নামত ই মেইল খুলি গ্ৰেপ্তাৰ হবলগীয়া হল এজন যুৱক । cmassamgov.in@gmail.com নামেৰে এটা মেইল খুলি ঠগবাজি কৰাৰ চেষ্টা চলাইছিল যুৱকজনে ।

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এক অভিযান চলায় ১৬/০৭/২৬ তাৰিখে চি আই ডি চাইবাৰ পি এছ কেচ নং ১১/২০২৬ ইউ /এছ ৬১ (২)/৩৪০ (২)/৩৩৬(৩)/৩১৯ (২) বি এন এছ, আৰ/ডব্লিউ চেকচন ৬৬/৬৬চি/৬৬ডি আই টি এক্ট ২০০৮ ৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি পংকজ দাস (৩৪) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। কামৰূপৰ চাংসাৰীৰ ধোপাতাৰিৰ নিজ বাসভৱনৰ পৰা আজি যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু অধিক তথ্যৰ বাবে জেৰা চলায় আছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নামত ভুৱা ইমেইল খুলি ৰাইজলৈ অসত উদ্দ্যেশ্যেৰ ভূৱা তথ্য প্ৰেৰণ কৰি মুখ্যমন্ত্ৰীক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছিল অপৰাধী যুৱক জনে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande