
গুৱাহাটী,১৯ জুলাই (হি.স.)। বিগত কিছুদিনৰ পৰা কামৰূপ মহানগৰ জিলা আৰু ইয়াৰ পাৰ্শ্ববৰ্তী জিলাত নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত অঞ্চল বিশেষে কৃত্ৰিম বানপানী আৰু ভুমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
আজি গুৱাহাটী মহানগৰীৰ খাৰঘুলি অঞ্চলত এক বৃহৎ ভুমিস্খলনৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ পংকজ শৰ্মা নামৰ এগৰাকী ব্যক্তি পাহাৰীয়া অঞ্চলটোৰ তেওৰ ঘৰৰ চৌহদত সম্পুৰ্ণ অবৈজ্ঞানিক ভাবে এখন গাৰ্ড ৱাল নিৰ্মান কৰাৰ ফলত আজি গাৰ্ড ৱাল খন খহি পৰে।কেইবা টন ওজনৰ গাৰ্ড ৱাল খন তলত থকা প্ৰায় ছয় খন বাহনৰ ওপৰত খহি পৰে।বাহন কেইখন ধ্বংসপ্ৰাপ্ত হয়।স্থানীয় ৰাইজে গাৰ্ডৱাল খনৰ গৰাকী পংকজ শৰ্মাৰ পৰা ক্ষতিপুৰণ বিচাৰি আৰক্ষী থানাত গোচৰ ৰজু কৰিব বুলি অবগত কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ