অবৈধ চুলাইৰ বিৰুদ্ধে জেহাদ ঘোষণা গোলোকগঞ্জ আৰক্ষীৰ
ধুবুৰী, ১৯ জুলাই (হি.স.)। অবৈধ চুলাইৰ বিৰুদ্ধে জেহাদ ঘোষনা গোলোকগঞ্জ আৰক্ষীৰ। প্ৰতিদিনেই চলাই আছে অভিযান। জব্দ কৰিছে চুলাই। বিনষ্ট কৰি আহিছে চুলাই। এক গোপন খবৰৰ ভিত্তিত গোলোকগঞ্জ আৰক্ষীয়ে উত্তৰ ৰায়পুৰ অঞ্চলত চলাইছিল অভিযান। অভিযানত এখন ই ৰিক্স
অবৈধ চুলাইৰ বিৰুদ্ধে জেহাদ ঘোষণা গোলোকগঞ্জ আৰক্ষীৰ


ধুবুৰী, ১৯ জুলাই (হি.স.)। অবৈধ চুলাইৰ বিৰুদ্ধে জেহাদ ঘোষনা গোলোকগঞ্জ আৰক্ষীৰ। প্ৰতিদিনেই চলাই আছে অভিযান। জব্দ কৰিছে চুলাই। বিনষ্ট কৰি আহিছে চুলাই।

এক গোপন খবৰৰ ভিত্তিত গোলোকগঞ্জ আৰক্ষীয়ে উত্তৰ ৰায়পুৰ অঞ্চলত চলাইছিল অভিযান। অভিযানত এখন ই ৰিক্সা ৰ পৰা বৃহত পৰিমাণৰ চুলাই জব্দ কৰি বিনষ্ট কৰে। উল্লেখ্য যে প্ৰতিদিনেই বিটিএডিৰ বাসবাৰী অঞ্চলৰ পৰা একাংশ অসাধু লোকে মটেৰঝাৰ হৈ গোলোকগঞ্জৰ বিভিন্ন অঞ্চলত চুলাই সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande