
কাঠমাণ্ডু, ১৯ জুলাই (হি.স.)। বানপানী, ভূমিস্খলন, পানী জমা হোৱাৰ আশংকা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নেপাল চৰকাৰে বাৰিষা প্ৰভাৱিত অঞ্চলত বাহনৰ চলাচল নিষিদ্ধ কৰিছে। দেশৰ ৩৫খন জিলাত জল আৰু বতৰ বিজ্ঞান বিভাগে প্ৰচণ্ডৰ পৰা অত্যন্ত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰাৰ পিছত ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰস্তুতি তীব্ৰতৰ কৰি তোলাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে।
কৰ্তৃপক্ষৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ কুমাৰ কইৰালাই কয় যে বিশেষকৈ ভূমিস্খলন আৰু বানপানীৰ প্ৰৱণ পথৰ অংশত জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ লগতে কয়, বৰ্তমানৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি আমি ভূমিস্খলন প্ৰভাৱিত জিলাসমূহত বাহন চলাচলৰ বিৰুদ্ধে অনুৰোধ কৰিছিলোঁ। আজি প্ৰকৃত বতৰ আৰু পথৰ অৱস্থাৰ মূল্যায়নৰ পিছতহে বাহন চলাচলৰ অনুমতি দিয়া হ'ব।
কৈৰালাই কয় যে কৰ্তৃপক্ষই নিৰাপত্তা সংস্থা, স্থানীয় প্ৰশাসন, আৰু গড়কাপ্তানি বিভাগৰ সৈতে অহৰহ সমন্বয় ৰক্ষা কৰি আছে। সংশ্লিষ্ট কৰ্তৃপক্ষই পৰিস্থিতি সম্পূৰ্ণ সুৰক্ষিত হোৱাটো নিশ্চিত কৰাৰ পিছতহে ঘাইপথ আৰু অন্যান্য পথত যান-বাহনৰ চলাচলৰ অনুমতি দিয়া হ’ব। যাত্ৰাৰ পূৰ্বে চৰকাৰী বতৰ আৰু পথৰ পৰামৰ্শ মানি চলিবলৈ, উচ্চ বিপদজনক পথত অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰিবলৈ আৰু স্থানীয় প্ৰশাসন আৰু নিৰাপত্তা সংস্থাই জাৰি কৰা নিৰ্দেশনা মানি চলিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ