
কোকৰাঝাৰ, ১৯ জুলাই (হি.স.)। গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰি ৰাজহ চক্ৰ অন্তৰ্গত আমিনকাটাত স্থাপন কৰা বিদ্যুৎ বিতৰণ কেন্দ্ৰটো আজি বাইখুংগ্ৰী বিধান সভা সমষ্টিৰ বিধায়ক ৰূপম ৰায় আৰু গুমা পৰিষদীয় সমষ্টিৰ পাৰিষদ এনতাজ আলীয়ে পৰিদৰ্শণ কৰি পৰিস্থিতিৰ বুজ লয়। অঞ্চলটোৰ ৰাইজৰ বিদ্যুৎ যোগান ধৰাৰ উদ্দেশ্যৰে স্থাপন কৰা কেন্দ্ৰটোত জনপ্ৰতিনিধিদ্বয়ে উপস্থিত হৈ বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৈতে আলোচনা কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত অৱগত হয়।
ৰাইজৰ অসুবিধা লক্ষ্য কৰি আগষ্ট মাহৰ ভিতৰতে কেন্দ্ৰটো মুকলি কৰি ৰাইজক বিদ্যুত যোগান ধৰা হব বুলি প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ