
যোৰহাট, ১৯ জুলাই (হি.স.)। টীয়ক সমষ্টিৰ অন্তৰ্গত মেলেংত সামৰিক বাহিনীৰ লেফটেনেন্ট সূৰ্য কান্ত বৰফুকনক অঞ্চলবাসীৰ উষ্ম আদৰণি।। ঝুমুৰ,এন.চি.চি. কেডেট ,স্থানীয় যুৱ সংঘ আদৰি আনিলে সেনা বিষয়া গৰাকীক।
আজি পুৱ যোৰহাটৰ অন্তৰ্গত দক্ষিণ বহত গাঁৱৰ নিজা বাসগৃহত সদ্য অৱসৰপ্ৰাপ্ত ভাৰতীয় সামৰিক বাহিনীৰ সন্মানীয় পদবী সন্মানীয় লেফটেনেণ্ট (HONORARY LIEUTENANT) পদত অধিষ্ঠিত হৈ আজি নিজ গৃহাভিমুখী হয়। ঐতিহাসিক হাতীগড় মৌজাৰ বানপীড়িত এলেকাৰ বৰখাট বালিচাপৰিৰ এক কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা সূৰ্য কান্ত বৰফুকনক আজি মেলেং বালিচাপৰিৰ ৰাইজে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।
প্ৰয়াত সোমেশ্বৰ বৰফুকনৰ ঔৰষত আৰু মাতৃ কল্পনা বৰফুকনৰ দ্বিতীয় পুত্ৰ সুৰ্য কান্ত বৰফুকন ভাৰতৰ বাহিৰেও মালয়েচিয়া,উলানবাটৰ,কংগো,ভুটান আদি সাতখন দেশৰ বিভিন্ন ঠাইত সামৰিক বাহিনীৰ এজন উচ্চপদস্থ বিষয়া হিচাপে সুনাম অৰ্জন কৰিছিল। অৱসৰ গ্ৰহণ কৰা বিষয়া গৰাকীক গাওঁ বাসীয়ে আদৰি অনাৰ লগতে এন. চি. চি. কেডেট সকলে অভিবাদন জনায় । তাৰ পাছতেই বিষয়া গৰাকীৰ নিজ গৃহত দিনযোৰা কাৰ্যসূচীৰে আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত সেনা বিষয়া গৰাকীয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ম্যালপৰ্ণ কৰা পাছে কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গাওঁ বাসীয়ে আদৰণি জনোৱা লগতে দেশ সেৱাত ব্ৰতী হৈ যি সেৱা আগবঢ়ালে তাৰ এই সন্মান প্ৰদৰ্শন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু